ETV Bharat / state

শিৱসাগৰত বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ

শিৱসাগৰ বিদ্যুৎ সংমণ্ডলত শক্তি বিভাগৰ আউটচ'ৰ্চ কৰ্মচাৰীৰ প্ৰতিবাদ (APDCL outsource workers protest)। নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদানৰ দাবী কৰ্মচাৰীসকলৰ । আগন্তুক দিনত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ ।

author img

By

Published : Sep 15, 2022, 4:20 PM IST

Updated : Sep 15, 2022, 5:37 PM IST

Protest
শিৱসাগৰত বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ

শিৱসাগৰ,১৫ ছেপ্টেম্বৰ : অসম শক্তি বিভাগৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ (Protest against APDCL)। শক্তি বিভাগক ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে কৰ্মচাৰীসকলে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে এইবাৰ আউটচ'ৰ্চ কৰ্মচাৰীৰ প্ৰতিবাদ (APDCL outsource workers protest)। অসম চৰকাৰে শেহতীয়াকৈ মিটাৰ ৰিডিং, বিল ডিষ্ট্ৰিবিউশ্বন, লাইন মেণ্টেনেনছ আদিৰ বাবে প্ৰায় পাঁচ হাজাৰ কৰ্মচাৰী এপিডিচিএলত নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

শিৱসাগৰত বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ

কিন্তু বহু বছৰ ধৰি সমগ্ৰ অসমত পাঁচ হাজাৰৰো অধিক এনে আউটচ'ৰ্চ কৰ্মচাৰীয়ে এই সেৱা আগবঢ়াই আহিছে । এই ক্ষেত্ৰত সেই কৰ্মচাৰীসকলক নিযুক্তি প্ৰদানৰ বাবে শক্তি বিভাগে কোনো পদক্ষেপ লোৱা নাই । অসম চৰকাৰে প্ৰকাশ কৰিবলগীয়া বিজ্ঞাপনত ইতিমধ্যে কৰ্মৰত আউটচ'ৰ্চ কৰ্মচাৰীসকলক কোনো অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থাও কৰা হোৱা নাই । সেয়েহে শিৱসাগৰ বিদ্যুৎ সংমণ্ডলত একাংশ কৰ্মচাৰীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (APDCL workers protest at Sivasagar)।

তেওঁলোকে বিগত সময়ত আগবঢ়াই অহা সেৱাৰ ভিত্তিত আগন্তুক মকৰলত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ দাবী জনাইছে । এই সন্দৰ্ভত ইতিমধ্যে গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ শীৰ্ষ কৰ্তৃপক্ষৰ লগতে বিভিন্ন মহলক কৰ্মচাৰীসকলে অৱগত কৰি আহিছে । শিৱসাগৰ বিদ্যুৎ কাৰ্যালয়ৰ চৌহদত জিলাখনৰ বিভিন্ন সংমণ্ডলৰ আউটচ'ৰ্চ কৰ্মচাৰীসকল সমৱেত হৈ মুখ্য পৰিচালন সঞ্চালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

আসাম ষ্টেট আউটচ'ৰ্চ পাৱাৰ ৱৰ্কাচ ইউনিয়নৰ (Assam State Outsource Power workers Union) উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদত চৰকাৰক কেইবাটাও দাবী জনাই প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে । চৰকাৰে আগন্তুক মকৰলত তেওঁলোকক অগ্ৰাধিকাৰ প্ৰদান নকৰিলে অহা অক্টোবৰ মাহৰ পৰা আউটচ'ৰ্চ কৰ্মচাৰীসকলে আন্দোলনৰ পথ ল'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :মৰিগাঁৱত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল

Last Updated : Sep 15, 2022, 5:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.