শিৱসাগৰ, 8 মাৰ্চ : শিৱসাগৰৰ দুই বিধানসভা সমষ্টি ক্ৰমে ১০৩ নং আমগুৰি আৰু ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ দুই প্ৰাৰ্থী ক্ৰমে কংগ্ৰেছ দলৰ অংকিতা দত্ত আৰু বিজেপি দলৰ কুশল দুৱৰীয়ে আজি শিৱসাগৰ নিৰ্বাচনী জিলা বিষয়াৰ কাৰ্যালয়ত নিজ নিজ মনোনয়ন দাখিল কৰে । ক’ভিড ১৯ ৰোগৰ বিধিসন্মত প্ৰট’কলৰ বাবে প্ৰাৰ্থীৰ লগত প্ৰস্তাৱক আৰু সমৰ্থকৰ বাদে আনসকলক নিৰ্বাচনী বিষয়াৰ কাৰ্য়ালয়ত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হোৱা নাই ।
মনোনয়ন দাখিল কৰিবলৈ আহি থাওৰা সমষ্টিৰ বৰ্তমানৰ বিধায়ক কুশল দুৱৰীয়ে শিৱ দ'লত সেৱা লৈ কেৱল সমষ্টিৰ উন্নয়ন এইবাৰ বিজেপি দলৰ একমাত্ৰ নিৰ্বাচনী ইছ্যু বুলি জানিবলৈ দিয়ে । তেওঁ এক শান্তিপূৰ্ণ-বন্ধুত্বমূলক নিৰ্বাচনৰ পোষকতা কৰি কংগ্ৰেছ দলৰ লগতে আন আন দলৰ সকলো প্ৰাৰ্থী বিজেপি দলৰ অন্যতম প্ৰতিদ্বন্দী বুলি উল্লেখ কৰে । আনহাতে ১০৩ নং আমগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰয়াত কংগ্ৰেছ নেতা অঞ্জন দত্তৰ দুহিতা অংকিতা দত্তই পোনে পোনে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰি আমগুৰি সমষ্টিৰ ৰাইজৰ আশীৰ্বাদত এইবাৰ সমষ্টিটোৰ পৰা কংগ্ৰেছ দলে জয়লাভ কৰিব বুলি দাবী কৰে ।
লগতে পঢ়ক : পূব বিলাসীপাৰাত কংগ্ৰেছ নেতা-কৰ্মীৰ উত্তাল প্ৰতিবাদ