ETV Bharat / state

শিৱসাগৰত অংগনবাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী

author img

By

Published : Nov 21, 2020, 4:33 PM IST

Updated : Nov 21, 2020, 5:09 PM IST

শিৱসাগৰত জিলা সমাজ কল্যান বিভাগৰ কাৰ্যালয় ঘেৰাও অংগনবাড়ী কৰ্মী-সহায়িকাৰ ৷ দীৰ্ঘদিনীয়া দাবী পূৰণৰ লগতে নতুন শিক্ষা নীতিৰ নামত কৰা প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে কৰ্মচাৰীসকলে ৷ কৰ্মী-সহায়িকা সকলে বিভিন্ন দাবীসম্বলিত এখন স্মাৰক পত্ৰও মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

AS_SVR_801_ANGANWARI_PROTEST_vis_7203499
শিৱসাগৰত অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী

শিৱসাগৰ, 21 নৱেম্বৰ: শিৱসাগৰ জিলা অংগনবাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী ৷ জিলা সমাজ কল্যান বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে ৷ দীৰ্ঘদিনীয়া দাবী পূৰণৰ লগতে নতুন শিক্ষা নীতিৰ নামত কৰা প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শিৱসাগৰ নগৰৰ ধাইআলি কঁপাই তোলে ৷ অংগনবাড়ী কৰ্মী-সহায়িকা সকলৰ অভিযোগ নতুন শিক্ষা নীতিৰ নামত অংগনবাড়ী কৰ্মচাৰী সকলক গুৰুত্বহীন কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে ৷

উল্লেখ্য যে, কৰ্মী-সহায়িকা সকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, নূন্যতম 21 হাজাৰ টকা দৰমহা প্ৰদান কৰা, এককালীন সাহাৰ্য প্ৰদান কৰি অৱসৰ প্ৰদান কৰা কাৰ্য বন্ধ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি কৰ্মী-সহায়িকা সকলে নিৰ্বাচনৰ আগত এই দাবীসমূহ পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: আছুৰ অধিৱেশন থলীৰ পৰা অখিল গগৈৰ মুক্তিৰ দাবী

Last Updated : Nov 21, 2020, 5:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.