ETV Bharat / state

শুভ্ৰ বিপ্লৱেৰে স্বৱলম্বীতাৰ নিদৰ্শন আমগুৰিৰ মিনু শইকীয়াৰ - Amguri woman white revolution news

গাখীৰ বিক্ৰীৰে স্বাৱলম্বীতাৰ পথ প্ৰদৰ্শন কৰিছে শিৱসাগৰ জিলাৰ নামতিৰ মিনু শইকীয়াই ৷ মহঙা এই দিনত আনৰ মুখলৈ নাচাই গাখীৰৰ ব্যৱসায়েৰে দুবেলা দুমুঠি অন্নৰ যোগাৰ কৰিছে মিনু শইকীয়াই ৷

Amguri woman set example through white revolution
শুভ্ৰ বিপ্লৱেৰে স্বৱলম্বীতাৰ নিদৰ্শন আমগুৰিৰ মিনু শইকীয়াৰ
author img

By

Published : Feb 7, 2020, 6:40 PM IST

আমগুৰি,7 ফেব্ৰুৱাৰীঃ জীৱন সংগ্ৰামত ব্ৰতী এগৰাকী মহিলা ৷ জীৱন সংগ্ৰামত বৰ্তি থাকিবলৈ মহিলাগৰাকীয়ে আৰম্ভ কৰিছে শুভ্ৰ বিপ্লৱ ৷ গাখীৰ বিক্ৰীৰে স্বাৱলম্বীতাৰ পথ প্ৰদৰ্শন কৰিছে শিৱসাগৰ জিলাৰ নামতিৰ মিনু শইকীয়াই ৷ এই মহঙা দিনত আনৰ মুখলৈ নাচাই গাখীৰৰ ব্যৱসায়েৰে দুবেলা দুমুঠি অন্নৰ যোগাৰ কৰিছে মিনু শইকীয়াই ৷ বিগত পাঁচ বছৰে নিজৰ তিনিজনী গাই গৰুৰপৰা উৎপাদিত হোৱা গাখীৰ পুৱাতেই নিজৰ চাইকেলখনত বান্ধি গাঁৱে গাঁৱে বিক্ৰী কৰি ৰুগীয়া স্বামী আৰু একমাত্ৰ সন্তানক পোহপাল দি আহিছে ৷

শুভ্ৰ বিপ্লৱেৰে স্বৱলম্বীতাৰ নিদৰ্শন আমগুৰিৰ মিনু শইকীয়াৰ

পিছলৈ ঘূৰি চাবলৈ সময় নথকা মিনু শইকীয়াৰ লক্ষ্য আৰু উদ্দেশ্য মাথোঁ এটাই ৷ সোনকালে গৈ গ্ৰাহকক সময়মতে গাখীৰ যোগান ধৰা ৷ চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ গাখীৰৰ ব্যৱসায়ৰে জীৱিকাৰ পথ মুকলি কৰা মিনু শইকীয়াই এনদৰে নিজৰ সংগ্ৰামৰ আদৰ্শৰে বহুতৰে বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে ৷

Intro:Body:জীৱন সংগ্ৰামত ব্ৰতী এগৰাকী মহিলা: গাখীৰ বিক্ৰীৰে স্বাৱলম্বী
……………………………………………………………
আমগুৰি, ৭ ফেব্ৰুৱাৰী:

জীৱন মানেই সংগ্ৰাম। জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰিবই লাগিব। সংগ্ৰামহীন জীৱনৰ অৰ্থইবা ক'ত?

শিৱসাগৰ জিলাৰ নামতিৰ এগৰাকী মহিলাৰ সংগ্ৰামী জীৱনৰ অলিখিত এক কাহিনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অন্য দহগৰাকী মহিলাতকৈ পৃথক এইগৰাকী মহিলাৰ কঠোৰ জীৱন সংগ্ৰামৰ অলিখিত কাহিনীয়ে আপোনাক-মোক ব্যথিত কৰাৰ সমান্তৰালকৈ ইতিবাচক এক বাৰ্তা কঢ়িয়াই আনিব।

লক্ষ্য কৰক এইগৰাকী মহিলা। মহিলাগৰাকীৰ নাম মীনু শইকীয়া। মহিলাগৰাকীয়ে নিজৰ পৰিয়ালটোক জীয়াই থাকিবৰ কাৰণে দুবেলা দুমুঠি অন্ন খাবৰ কাৰণে কৰিবলগীয়া হৈছে কঠোৰ সংগ্ৰাম।গাখীৰ বিক্ৰী কৰি পোহপাল দিবলগীয়া হৈছে নিজৰ পৰিয়াল।

যোৱা পাঁচ বছৰে গাখীৰ বিক্ৰী কৰি জীৱন সংগ্ৰামত ব্ৰতী হৈছে মীনু শইকীয়াই ।পুৱাতেই নিজৰ চাইকেলখনত গাখীৰ বিক্ৰীৰ বাবে গাঁৱে গাঁৱে ঘূৰি ফুৰে। ঘৰৰ তিনিজনীকৈ গাই গৰুৰপৰা উৎপাদিত হোৱা গাখীৰ নিজা চাইকেলখনত বান্ধি লৈ পদূলিয়ে পদূলিয়ে টিলিঙা বজাই বিক্ৰী কৰি ফুৰে।পৰিয়ালটোৰ ৰুগীয়া স্বামী আৰু একমাত্ৰ সন্তানক পোহপাল দিয়াৰ উদ্দেশ্যেই এনেদৰেই গাখীৰ বিক্ৰী কৰি কঠিন সংগ্ৰাম কৰিব লগাত পৰিছে মহিলাগৰাকী ।

এই গাখীৰৰ ব্যৱসায়েৰেই স্বাৱলম্বী হৈছে এই মহিলা গৰাকী।পোৱা নাই কোনো ধৰণৰ চৰকাৰী সা সুবিধা । চৰকাৰৰ পৰা এটা শৌচাগাৰ লাভ কৰিছিল যদিও সেইটো ব্যৱহাৰৰ বাবে উপযুক্ত হৈ নুঠিল।

চৰকাৰৰ পৰা কিছু আৰ্থিক সাহায্য লাভ কৰা হলে মহিলাগৰাকীয়ে গাখীৰৰ ব্যৱসায়টো অধিক আগবঢ়াই নিব পাৰিলেহেতেন। জিৰণি ল'বলৈয়ো সময় নোপোৱা মিনু শইকীয়াই অশেষ কষ্ট কৰি কঠোৰ সংগ্ৰামত ব্ৰতী হৈছে।

পিছলৈ ঘূৰি চাবলৈয়ো যেন সময়ৰ অভাৱ। লক্ষ্য আৰু উদ্দেশ্য মাথোঁ এটাই সোনকালে গৈ গ্ৰাহকক সময়মতে গাখীৰ যোগান ধৰিব লাগে।সঁচাই এই গৰাকী মহিলাৰ এই প্ৰশংসনীয় কৰ্মক আমি সকলোৱে প্ৰশংসা কৰিব লাগে।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.