ETV Bharat / state

আমগুৰি পৌৰসভাৰ দায়িত্বহীন কাণ্ডত ক্ষোভিত ৰাইজ

শিৱসাগৰৰ আমগুৰিত পৌৰসভাৰ হেমাহিত কেইবামাহো ধৰি অৰ্ধনিৰ্মিত অৱস্থাতে আছে পকী নলা । উন্মুক্ত হৈ থকা পকীনলাৰ ৰডবোৰৰ বাবে অঘটন সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে । পৌৰসভাৰ বিষয়া-কৰ্মচাৰী আৰু সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ ।

author img

By

Published : Dec 5, 2020, 5:04 PM IST

আমগুৰিত পৌৰসভাৰ হেমাহিত অৰ্ধনিৰ্মিত অৱস্থাতে আছে পকী নলা

আমগুৰি, ৫ ডিচেম্বৰ: নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত এতিয়া চলিছে আধাৰশিলা স্থাপনৰ প্ৰতিযোগিতা । ৰাজ্যৰ বিভিন্ন স্থানত মন্ত্ৰী বিধায়কে আধাৰশিলা স্থাপন কৰিছে ঠিকেই; কিন্তু পূৰ্বে আধাৰশিলা স্থাপন কৰি যোৱা কাম সম্পূৰ্ণ হৈছে নে নাই সেই বিষয়ে খবৰ ল'বলৈ আহৰি নাই । শিৱসাগৰৰ আমগুৰিত পৌৰসভাত পকী নলা নিৰ্মাণত ঠিকাদাৰে মইমতালি কৰাৰ অভিযোগ তুলিছে ৰাইজ আৰু অন্যান্য দল-সংগঠনে । ১ বছৰ অতিক্ৰম কৰাৰ পিছতো সম্পূৰ্ণ নহ'ল পকী নলাৰ নিৰ্মাণকাৰ্য । আমগুৰি পৌৰসভাৰ বহুকেইটা ৱাৰ্ডত পকী নলাবিলাক আধৰুৱা হৈ থকাত সৰ্বসাধাৰণ ৰইজে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

পকী নলাৰ লোৰ ৰডবিলাক উন্মুক্ত অৱস্থাত থকাত অঘটন সংঘটিত হোৱাৰ আশংকা প্ৰবল হৈছে । আমগুৰি পৌৰসভাৰ দায়িত্ব কাৰ্যবাহী বিষয়াৰ হাতত থকাৰ পিছতো পকী নলা নিৰ্মাণত ঠিকাদাৰে হেমাহি কৰা বিষয়টোত হস্তক্ষেপ নকৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । আনহাতে পূৰ্বে নিৰ্মাণকাৰ্যৰ নিবিদা লাভ কৰা ঠিকাদাৰে কাম সম্পূৰ্ণ নকৰাৰ পিছত পুনৰ সেইসকল ঠিকাদাৰকে নিবিদা লাভৰ সুযোগ দিয়াত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় দল-সংগঠন ।

উল্লেখ্য যে, আমগুৰি পৌৰসভাত এটাৰ পিছত আনটো আধাৰশিলা স্থাপন কৰাৰ পিছতো কোনো এটা কামে আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠাত সচেতন লোকসকল ক্ষুণ্ণ হৈ উঠিছে । শীঘ্ৰে পকী নলাবোৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ আৰু সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজ আৰু দল-সংগঠনবোৰে ।

লগতে পঢ়ক:আজমল ফাউণ্ডেশ্যনৰ টকা অবৈধ নহয় : বদৰুদ্দিন আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.