ETV Bharat / state

ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে পথ

author img

By

Published : Jul 26, 2020, 1:20 PM IST

প্ৰায় ২ কিল'মিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰিবলৈ ওলাই আহিল ৰাইজ ৷ গাঁঠিৰ ধন ভাঙি শিল পেলাই পুৰুষ-মহিলা উভয়ে নিৰ্মাণ কৰিলে পথ ৷

amguri-raod-repair-by-publice
ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে পথ

আমগুৰি,২৬জুলাইঃ শিৱসাগৰ জিলাৰ আমগুৰিত গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিলে ৰাইজে । আমগুৰি সমষ্টিৰ অন্তৰ্গত খৰিকটীয়া আলিৰ পৰা ধোদৰ আলি সংযোগী প্ৰায় ২ কিল'মিটাৰ দৈৰ্ঘৰ বৰফুকন আলি নিৰ্মাণত ঠিকাদাৰৰ হেমাহিৰ বাবে গাঁঠিৰ ধন ভাঙি স্থানীয় পুৰুষ-মহিলাই পথটো মেৰামতি কৰিবলগীয়া হয়। বিগত বহু বছৰ ধৰি স্থানীয় লোকসকলে পথটোৰে যাতায়াত কৰাত অসুবিধাৰ সন্মুখীন হৈ আহিছিল ।

ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে পথ
আনহাতে নিবিদা আৰু কাম আবন্টন নোহোৱাকৈ যোৱা ফেব্ৰুৱাৰী মাহতে আধাৰশিলা স্থাপন কৰা পথটোত ঠিকাদাৰে কেইগাড়ীমান মাটি পেলাই দায়িত্ব সামৰে । ফলত যাতায়তত অসুবিধাৰ সন্মুখীন হোৱা গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি শিল পেলাই পুৰুষ-মহিলা উভয়ে পথটোৰ মেৰামতি কামত নামি পৰা দেখা যায় । ইপিনে চৰকাৰ তথা স্থানীয় বিধায়ক অতিশীঘ্ৰে পথটো মেৰামতি কৰি দিয়াৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ লগতে পঢ়কঃ বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ আমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.