ETV Bharat / state

আমগুৰি ডাকঘৰ কেলেংকাৰী, প’ষ্টমাষ্টৰ গ্ৰেপ্তাৰ - দেওৰজা মৈদাম শাখা

আমগুৰিৰ দেওৰজা মৈদাম শাখা ডাকঘৰত বৃহৎ কেলেংকাৰী ৷ বিশ লক্ষাধিক টকাৰ কেলেংকাৰী অভিযোগত গ্ৰেপ্তাৰ প’ষ্টমাষ্টৰ নৱজ্যোতি বৰুৱাক ৷

আমগুৰি ডাকঘৰ কেলেংকাৰী, প’ষ্টমাষ্টৰ গ্ৰেপ্তাৰ
author img

By

Published : Aug 31, 2019, 9:28 AM IST

আমগুৰি ৩১ আগষ্টঃ শিৱসাগৰ জিলাৰ আমগুৰি প্ৰধান ডাকঘৰৰ অন্তৰ্গত দেওৰজা মৈদাম শাখা ডাকঘৰত স্থানীয় দৰিদ্ৰ ৰাইজৰ বিভিন্ন সঞ্চয় শিতানত জমা ৰখা ২০ লক্ষাধিক ধনৰ হৰলুকি কৰাৰ অন্যতম অভিযুক্ত প’ষ্টমাষ্টৰ নৱজ্যোতি বৰুৱা গ্ৰেপ্তাৰ ৷ যোৱা নিশা আমগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বৰুৱাক । অভিযুক্ত প’ষ্টমাষ্টৰ নৱজ্যোতি বৰুৱা যোৱা দুটা মাহে আমগুৰি আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ন কৰি আছিল যদিও আমগুৰি আৰক্ষীয়ে ম'বাইলৰ ল'কেচনৰ ভিত্তিত যোৱা নিশা ভগামুখৰ এক ভিতৰুৱা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, অভিযুক্ত প’ষ্টমাষ্টৰ নৱজ্যোতি বৰুৱাই দৰিদ্ৰ ৰাইজৰ বিভিন্ন সঞ্চয় শিতানত জমা ৰখা ২০ লক্ষাধিক ধন আত্মসাৎ কৰাত জমাকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । বৃহত্তৰ অঞ্চলটোৰ পাঁচ সহস্ৰাধিক পৰিয়ালৰ লোকৰ দ্বাৰা একাউন্টত জমা কৰা ২০ লক্ষাধিক ধন ডাকঘৰটোৰ প’ষ্টমাষ্টৰ নৱজ্যোতি বৰুৱাই বিভিন্ন কৌশলেৰে হৰলুকি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ভুক্তভোগী জমাকাৰীয়ে আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত অৱশেষত আৰক্ষীৰ জালত পৰে নৱজ্যোতি বৰুৱা ৷

জানিব পৰা মতে দেওৰজা শাখা ডাকঘৰৰ প’ষ্টমাষ্টৰগৰাকীয়ে ভুৱা পাছবুক একাউন্ট খোলাৰ উপৰিও জমাকাৰীৰ পাছবুকত জমাকৃত ধনৰ পৰিমাণ লিখাৰ বিপৰীতে লেজাৰত জমাকৃত ধনৰ সবিশেষ অন্তৰ্ভুক্ত নকৰাৰ লগতে অনলাইন পোষ্টিংৰ ব্যৱস্থা নকৰি হাতে লিখা পাছবুকত ষ্টাম্প মাৰি জমাকাৰীৰ ধন নিজৰ পকেটত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷ অভিযুক্ত নৱজ্যোতি বৰুৱাই বহু হিতাধিকাৰীৰ সঞ্চিত ধন প্ৰায় ২০১৫ চনৰ পৰাই আমগুৰি প্ৰধান ডাকঘৰত জমা দিয়াৰ বিপৰীতে নিজৰ লগত ৰাখি বিলাসী জীৱন যাপন কৰি আহিছিল ৷ শেহতীয়াকৈ এই কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি ।

এইক্ষেত্ৰত বিভাগীয় ফালৰপৰা তদন্ত কৰি দোষীক শাস্তিৰ দাবী জনোৱাৰ লগতে পাবলগীয়া হিতাধিকাৰীৰ জমাকৃত ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে । আমগুৰি আৰক্ষীৰ সাফল্যক বৃহত্তৰ দেওৰজা বাসীয়ে সন্তোষ প্ৰকাশ কৰিছে । আৰক্ষীয়ে শুকুৰবাৰে অভিযুক্তগৰাকীক আদালতত হাজিৰ কৰায় চাৰিদিনৰ বাবে নিজৰ জিম্মাত লয় ৷

Intro:Body: আমগুৰিৰ দেওৰজা মৈদাম শাখা ডাকঘৰত বিশ লক্ষাধিক টকাৰ বৃহৎ কেলেংকাৰী : পোষ্টমাষ্টৰ নৱজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ:

 হিতাধিকাৰীৰ জমাধন আত্মসাৎৰ গুৰুত্বৰ অভিযোগ   -------------------------------------------------------

আমগুৰি ৩১ আগষ্ট  : 

শিৱসাগৰ জিলাৰ আমগুৰি প্ৰধান ডাকঘৰৰ অন্তৰ্গত দেওৰজা মৈদাম শাখা ডাকঘৰত স্থানীয় দৰিদ্ৰ ৰাইজৰ বিভিন্ন সঞ্চয় শিতানত জমা ৰখা ২০ লক্ষাধিক ধনৰ হৰলুকি হোৱাৰ অন্যতম অভিযুক্ত পোষ্টমাষ্টৰ নৱজ্যোতি বৰুৱাক যোৱা নিশা আমগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযুক্ত পোষ্টমাষ্টৰ নৱজ্যোতি বৰুৱা যোৱা দুটা মাহে আমগুৰি আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ণ কৰি আছিল যদিও আমগুৰি আৰক্ষীয়ে ম'বাইলৰ ল'কেচনৰ ভিত্তিত যোৱা নিশা ভগামুখৰ এক ভিতৰুৱা গাঁওৰ পৰা গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে অভিযুক্ত পোষ্টমাষ্টৰ নৱজ্যোতি বৰুৱাই দৰিদ্ৰ ৰাইজৰ বিভিন্ন সঞ্চয় শিতানত জমা ৰখা ২০ লক্ষাধিক ধন আত্মহাৎ কৰাত জমাকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । বৃহত্তৰ অঞ্চলটোৰ পাচ সহস্ৰাধিক পৰিয়ালৰ লোকৰ দ্বাৰা একাউন্টত জমা কৰা ২০ লক্ষাধিক ধন ডাকঘৰটোৰ পোষ্ট  মাষ্টৰ নৱজ্যোতি বৰুৱাই বিভিন্ন কৌশলেৰে  হৰলুকি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ভুক্তভোগী জমাকাৰীয়ে আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । এই ঘটনাক লৈ জমাকাৰী ৰাইজৰ মাজত সৃষ্টি হোৱা হাহাকাৰ পৰিস্থিতিৰ মাজতে দেওৰজা শাখা ডাকঘৰত জমা কৰা সংশ্লিষ্ট বৃহৎ ধনৰাশি হৰলুকি হোৱাৰ কথা  আমগুৰি প্ৰধান ডাকঘৰৰ পোষ্টমাষ্টৰগৰাকীয়ে স্বীকাৰ কৰাৰ পিছতে ঘটনাই অন্য মূৰ লয়।ঘটনা সন্দৰ্ভত অনুসন্ধান কালত জানিব পৰা মতে দেওৰজা শাখা ডাকঘৰৰ পোষ্টমাষ্টৰে ভুৱা পাছবুক একাউন্ট খোলাৰ উপৰিও জমাকাৰীৰ পাছবুকত জমাকৃত ধনৰ পৰিমান লিখাৰ বিপৰীতে লেজাৰত জমাকৃত ধনৰ সবিশেষ অন্তভূক্ত নকৰি সৰ্বসাধাৰণ ৰাইজৰ ধন পোষ্টমাষ্টৰ নৱজ্যোতি বৰুৱাই হৰলুকি কৰাৰ অভিযোগ কৰিছিল ভুক্তভোগী ৰাইজে ।তাৎপৰ্যপূৰ্ণ যে এইগৰাকী  নৱজ্যোতি বৰুৱাই হিতাধিকাৰীৰ সঞ্চিত ধন ডামঘৰত অনলাইন পোষ্টিংৰ ব্যৱস্থা নকৰি হাতে লিখা পাছবুকত ষ্টাম্প মাৰি  জমাকাৰীৰ ধন নিজৰ পকেটত ৰখা বুলিও গুৰুতৰ অভিযোগ কৰিছে ভুক্তভোগী ৰাইজৰ লগতে আমগুৰি প্ৰধান ডাকঘৰৰ পোষ্টমাষ্টৰে। অভিযুক্ত নৱজ্যোতি বৰুৱাই বহু হিতাধিকাৰীৰ সঞ্চিত ধন প্ৰায় ২০১৫ চনৰ পৰা আমগুৰি প্ৰধান ডাকঘৰত জমা দিয়াৰ বিপৰীতে নিজৰ লগত ৰাখি বিলাসী জীৱন যাপন কৰি আহিছে বুলি ক্ষোভ ব্যক্ত কৰিছে ধন জমা ৰাখি সৰ্বস্ৰান্ত হোৱা ৰাইজে। গ্ৰামাঞ্চলৰ দুখীয়া কৃষিজীৱি লোকৰ সঞ্চিত ধনেৰে পকেট গৰম কৰি দেওৰজা শাখা ডাকঘৰত চল-চাতুৰীৰে দীৰ্ঘ বছৰ ধৰি লুণ্ঠন চলাই অহাৰ পিছত শেহতীয়াকৈ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে বহু হিতাধিকাৰীয়ে আমগুৰি প্ৰধান ডাকঘৰত নিজৰ পাছবুক চেক কৰি  মূৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত বিভাগীয় ফালৰপৰা তদন্ত কৰি দোষীক শাস্তিৰ দাবী জনোৱাৰ লগতে পাবলগীয়া হিতাধিকাৰীৰ জমাকৃত ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। আমগুৰি আৰক্ষীৰ সাফল্যক বৃহত্তৰ দেওৰজা বাসীয়ে সন্তোষ প্ৰকাশ কৰিছে। আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰায় চাৰিদিনৰ নিজৰ জিম্মাত আনিছে।

সমীৰণ দুৱৰা

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.