ETV Bharat / state

বগাকৈ বগলী বহলাই বহিছে আমগুৰিৰ দাধৰা গাঁৱত - পৰিভ্ৰমী পক্ষী

আমগুৰি সমষ্টিৰ বৰুৱাপুখুৰী দাধৰা গাঁওত এতিয়া জাক জাক বগলী । শ শ বগলীয়ে শুভ্ৰ কৰি তুলিছে দাধৰা গাঁওখন। প্ৰকৃতিপ্ৰেমী গাঁওবাসীয়েও ৰক্ষণাবেক্ষণ দি আহিছে বগলীজাকক ।

জাক জাক বগলী বহলাই বহিছে আমগুৰিৰ দাধৰা গাঁৱত
author img

By

Published : May 30, 2019, 6:17 PM IST

আমগুৰি,৩০ মে': খেয়ালি প্ৰকৃতিক অনন্য মাত্ৰা প্ৰদানেৰে আকাশ শুভ্ৰ কৰি তোলে বগলীৰ জাকে। জাক জাক বগলীয়ে মেলা পাতিছে আমগুৰিৰ দাধৰা গাঁৱত। আমগুৰি সমষ্টিৰ বৰুৱাপুখুৰী দাধৰা গাঁৱত শুভ্ৰ বসন ধৰি ওমলিছে শ শ বগলীয়ে। বহু বাটৰুৱাই তধা লাগি চায় বগলীৰ বাহনিখনলৈ।

জাক জাক বগলী বহলাই বহিছে আমগুৰিৰ দাধৰা গাঁৱত

প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাহত বগলীৰ জাকটো দাধৰা গাঁওখনলৈ আহে আৰু তিনিমাহ থাকি গুচি যায়। নিৰাপত্তা অনুভৱ কৰা বগলীৰ জাকটোৱে কোনো লোকৰে অনিষ্ট নকৰে একদৰে অঞ্চলবাসীয়েও কোনো চিকাৰীক মাৰিবলৈ নিদি ৰক্ষণাবেক্ষণ দি আহিছে বগলীজাকক । প্ৰত্যেক বছৰে পৰিভ্ৰমী পক্ষীৰ দৰে গাঁওখনলৈ অহা বগলীৰ জাকটোক লৈ চিন্তিত বহুজন। কিয়নো বাঁহনিডৰা আছে কাৰণেই আহে বগলীৰ জাকটো যদিহে বাঁহনিডৰা নোহোৱা হৈ যায়,তেতিয়া হয়তো এনেদৰে দেখিবলৈ পোৱা নাযাব বগলীৰ জাক।

Intro:Body:Amguri Little Egret Story
Samiran Duarah
Amguri
30/5/2019

আমগুৰি,৩০ মে:
অসমৰ গ্ৰামাঞ্চলত সচৰাচৰ দেখিবলৈ পোৱা চৰাইবিধেই হ'ল বগলী। খেয়ালি প্ৰকৃতিক অনন্য মাত্ৰা প্ৰদানেৰে আকাশ শুভ্ৰ কৰি তোলে বগলীয়ে।

বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা। বকুল বাগৰিছে ববছা বনতে বুটলি বিলাওগৈ ব'লা------ গীতেৰেও সমৃদ্ধ বগলীৰ জাক দেখা গৈছে আমগুৰিত।

আমগুৰি সমষ্টিৰ বৰুৱাপুখুৰী দাধৰা গাঁওত এতিয়া জাক জাক বগলী। বগলীৰ জাকটোৱে মেলা পাতে এজোপা বাহনিত। শ শ বগলীয়ে মুখৰিত কৰি ৰাখে দাধৰা গাঁওখন।বহু বাটৰুৱাই তধা লাগি চায় বগলীৰ বাহনিখনলৈ।

প্ৰত্যেক বছৰ ফেব্ৰুৱাৰী মাহত বগলীৰ জাকটো দাধৰা গাঁওখনলৈ আহে আৰু তিনিমাহ থাকি গুচি যায়। নিচিদ্ৰ নিৰাপত্তা অনুভৱ কৰা বগলীৰ জাকটোৱে কোনো লোকৰে অনিষ্ট নকৰে আৰু অঞ্চলবাসীয়েও কোনো চিকাৰীক মাৰিবলৈ নিদিয়ে।

প্ৰত্যেক বছৰে পৰিভ্ৰমী পক্ষীৰ দৰে গাওখনলৈ অহা বগলীৰ জাকটোক লৈ চিন্তিত বহুজন। কিয়নো বাহনিদৰা আছে কাৰণেই আহে বগলী যদিহে বাহনিদৰা নোহোৱা হৈ যায়, তেতিয়া হয়তু এনেদৰে দেখিবলৈ পোৱা নাযাব বগলীৰ জাক।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.