ETV Bharat / state

আমগুৰিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ - আমগুৰিত ঠিকাদাৰৰ বিৰুদ্ধে পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

পুৰণি কালভাৰ্টৰ অংশতে নতুন কালভাৰ্ট নিৰ্মাণ কৰিলে ঠিকাদাৰে ৷ আমগুৰিত ঠিকাদাৰৰ বিৰুদ্ধে তীখা বেলিমুখীয়া সংযোগী পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ স্থানীয় লোকৰ লগতে জাতীয় দ'ল-সংগঠন সমূহৰ ৷

Amguri Elligel Road Construction
আমগুৰিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ
author img

By

Published : Oct 31, 2020, 12:25 PM IST

আমগুৰি, ৩১ অক্টোবৰ: আমগুৰিত ঠিকাদাৰৰ বিৰুদ্ধে পথ নিৰ্মাণত অনিয়মৰ অভিযোগ ৷ তীখা বেলিমুখীয়া সংযোগী পথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকৰ লগতে জাতীয় দ'ল-সংগঠন সমূহে ৷ ৩ কোটি ২ লাখ ৮৪ হাজাৰ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া পথটোত কালভাৰ্ট নিৰ্মাণত অনিয়ম সংঘটিত কৰাৰ লগতে কম পৰিমাণৰ শিলৰ তৰপ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

Amguri Elligel Road Construction
আমগুৰিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

পুৰণি কালভাৰ্টৰ অংশতে নতুন কালভাৰ্ট নিৰ্মাণ কৰা, পকী বীমৰ ব্যৱস্থা নকৰা, তিনি তৰপ শিলৰ ব্যৱস্থা নকৰাকৈ পথ পকীকৰণ কৰাত ক্ষুব্ধ হৈ উঠিছে স্থানীয় লোকৰ লগতে জাতীয় দ'ল-সংগঠন সমূহ ৷

আমগুৰিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

একাংশ লোকে পথৰ নিৰ্মাণকাৰ্য বন্ধ কৰি ৰখাৰ লগতে সঠিকভাৱে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে । আনহাতে পথৰ অনিয়ম সন্দৰ্ভত আহোম জাতীয় গণমঞ্চই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক: অসম আৰক্ষীৰ পতাকা দিৱসত বিশ্বনাথত সমদল আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.