ETV Bharat / state

আমগুৰিত 'বুথলৈ যাও' শীৰ্ষক বিজেপিৰ নিৰ্বাচনী তৎপৰতা

ৰাজ্যত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া সাজু হৈছে প্ৰায়বোৰ ৰাজনৈতিক দল ৷ অন্যান্য দলৰ লগতে এতিয়া ৰাজ্যত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়েও ৷ ইতিমধ্যে আমগুৰি সমষ্টিত বিজেপিয়ে 'বুথলৈ যাও' শীৰ্ষক কাৰ্যসূচীৰে ঘৰে ঘৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।

author img

By

Published : Jan 8, 2021, 4:10 PM IST

amguri-bjp-preperation-for-upcoming-election
আমগুৰিত 'বুথলৈ যাও' শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে বিজেপিৰ নিৰ্বাচনী তৎপৰতা

আমগুৰি, ৮ জানুৱাৰী: সমাগত 2021ৰ বিধানসভা নিৰ্বাচন ৷ ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে প্ৰায়বোৰ ৰাজনৈতিক দলে ৷ সমান্তৰালকৈ এতিয়া নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়েও ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আমগুৰিতো বিজেপিয়ে আৰম্ভ কৰিছে নিৰ্বাচনী কাম-কাজ ৷ আমগুৰি সমষ্টিত অগপ আৰু কংগ্ৰেছক প্ৰত্যাহ্বান জনাই নিৰ্বাচনত জয়ী হোৱাৰ বাবে তৎপৰ হৈছে বিজেপি । কোনো কাৰণতে অগপ দলক সমষ্টি এৰি নিদিয়ে আমগুৰি বিজেপিয়ে। অগপৰ বিধায়কে সমষ্টিখনৰ উন্নয়নত ব্যৰ্থ হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে আমগুৰিৰ বিজেপিৰ নেতৃত্বই।
ইতিমধ্যে আমগুৰি সমষ্টিত বিজেপিয়ে 'বুথলৈ যাও' শীৰ্ষক কাৰ্যসূচীৰে ঘৰে ঘৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। আমগুৰি সমষ্টিটো বিজেপিয়ে নিজৰ হাতলৈ নিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা সমান্তৰালকৈ আমগুৰিত বিজেপিৰ টিকটৰ দাবীদাৰো বিভিন্নজন দেখা গৈছে ।
লগতে পঢ়ক: নাৰায়ণপুৰত পুত্ৰই হত্যা কৰিলে মাতৃক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.