ETV Bharat / state

নাজিৰাত শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত কলংক শিক্ষকৰ! - অংগনবাদী কৰ্মী

পৱিত্ৰ শিক্ষা বৃত্তিক পুনৰ কলংকিত কৰাৰ অভিযোগ এজন শিক্ষকৰ ওপৰত৷ বিদ্যালয়ৰ শ্ৰেণী কোঠাত অংগনবাড়ী কৰ্মীৰ লগত অপকৰ্মত লিপ্ত থকাৰ অভিযোগ শিক্ষক জনৰ বিৰুদ্ধে৷

শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত কলংক শিক্ষকৰ!
author img

By

Published : Aug 27, 2019, 4:03 PM IST

নাজিৰা, 27 আগষ্টঃ এজন শিক্ষকৰ বিৰুদ্ধে শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত কলংক সনাৰ অভিযোগ উত্থাপন হৈছে ।নাজিৰা মহকুমাৰ অন্তৰ্গত নাজিৰা শিক্ষাখণ্ড এলেকাৰ অধীনৰ প্ৰাণবাৰী প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকে এগৰাকী অংগনবাড়ী কৰ্মীৰ সৈতে কোনো নথকাৰ সুবিধা গ্ৰহণ কৰি অপকৰ্মত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈছে৷

শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত কলংক শিক্ষকৰ!

অভিযোগ অনুসৰি হাতীপটী অঞ্চলৰ বিদ্যালয়খনৰ শিক্ষক আমিৰ হুছেইনে বিদ্যালয়ৰে এগৰাকী অংগনবাড়ী কৰ্মীৰ লগত বিদ্যালয়ৰ গৰম বন্ধৰ সময়ত বিদ্যালয়ৰ ভিতৰতে অপকৰ্মত লিপ্ত হোৱা প্ৰত্যক্ষ কৰে এজন স্থানীয় লোকে । পূৰ্বতেও শিক্ষক জনৰ বিৰুদ্ধে বিদ্যালয়ৰ ছাত্ৰীক অশ্লীল ইঙ্গিত দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ শিক্ষকজনে এনে অপকৰ্ম সংঘটিত কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে জিলা শিক্ষা বিষয়াক অৱগত কৰাৰ লগতে এই শিক্ষক জনৰ বদলীৰ দাবী জনায় ৷ ইয়াৰোপৰিও স্থানীয় ৰাইজ তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে শিক্ষা বিষয়াক বিগত মাহৰ 23 তাৰিখে এই সম্পৰ্কত এক লিখিত অভিযোগ দিছিল ৷ কিন্তু ৰাইজৰ অভিযোগ অনুসৰি শিক্ষা বিভাগে এমাহ পৰ্যন্ত এই সন্দৰ্ভত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই৷

ইপিনে এই সন্দৰ্ভত নাজিৰাৰ মহকুমাধিপতি গৰাকীয়ে এই অভিযুক্ত শিক্ষক জনৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিষয়াক জনাইছিল যদিও কিহৰ বাবে আজি পৰ্যন্ত শিক্ষকজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হোৱা নাই সেইয়া এতিয়া ৰহস্যৰ আৱৰ্তত ৷

Intro:Body:NABUL KONWAR
NAZIRA, ASSAM.

নাজিৰা, ২৭ আগষ্ট - পবিত্ৰ শিক্ষা বৃত্তিক পুনৰ কলংকিত কৰিলে এজন লম্পত শিক্ষকে ৷ বিদ্যালয়ৰ শ্ৰেণী কোঠাত অংগনবাড়ী কৰ্মীৰ লগত অপকৰ্মত লিপ্ত থকাৰ অভিযোগ শিক্ষক জনৰ বিৰুদ্ধে৷

V/O- পুনৰ শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত কলংক সানিছে এজন শিক্ষকে।বিদ্যালয় খনলৈ এতিয়া ছাত্ৰ-ছাত্ৰীকো পঠাবলৈ ভয় কৰে অভিভাৱকে।এইবাৰ ঘটনাৰ স্থান নাজিৰাৰ হাতীপটি।নাজিৰা মহকুমাৰ অন্তৰ্গত নাজিৰা শিক্ষাখণ্ড এলেকাৰ অধীনৰ প্ৰাণবাৰী প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকে বিদ্যালয়ৰ কৰ্মৰত এগৰাকী অঙ্গনৱাড়ী কৰ্মীক কোনো নথকাৰ সুবিধা গ্ৰহণ কৰি অপকৰ্মত লিপ্ত থকাৰ অভিযোগ তুলিলে একাংশ স্থানীয় ৰাইজে। অভিযোগ মতে নাজিৰা শিক্ষাখণ্ডৰ অধীনৰ হাতীপটী অঞ্চলৰ পানবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক আমিৰ হুছেইনে বিদ্যালয়ৰে এগৰাকী অঙ্গনৱাড়ী কৰ্মীৰ লগত বিদ্যালয়ৰ গৰম বন্ধৰ সময়ত বিদ্যালয়ৰ ভিতৰতে অপকৰ্মত লিপ্ত হোৱা পতক্ষ কৰে এজন স্থানীয় লোকে । পুৰ্বতেও এই শিক্ষক জনৰ বিৰুদ্ধে বিদ্যালয়ৰ ছাত্ৰীক অশ্লীল ইঙ্গিত দিয়াৰ অভিযোগ আছে৷ পুনৰ একেজন শিক্ষকে বিদ্যালয়ৰ এগৰাকী অঙ্গনৱাড়ী কৰ্মীৰ লগত অপকৰ্মত লিপ্ত থকাৰ কথা স্থানীয় ৰাইজে জিলা শিক্ষা বিষয়াক অৱগত কৰাৰ লগতে এনে লম্পট শিক্ষক জনৰ বদলীৰ দাবী জনাইছিল যদিও আজি এমাহ পৰ্য্যন্ত শিক্ষা বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। অকল অঙ্গনবাড়ী কৰ্মীয়ে নহয় ছাত্ৰ ছাত্ৰী অভিভাৱককো অশ্লীল ইঙ্গিত দিয়াৰ অভিযোগ আছে শিক্ষক জনৰ বিৰুদ্ধে৷ স্থানীয় ৰাইজ তথা বিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ অভিভাৱকে যোৱা মাহৰ ২৩ তাৰিখে এই সম্পৰ্কত এক লিখিত অভিযোগ শিক্ষা বিষয়াক দিছিল । জানিবপৰা মতে এই সম্পৰ্কত নাজিৰাৰ মহকুমাধিপতি গৰাকীয়ে এই অভিযুক্ত শিক্ষক জনৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহন কৰিবলৈ শিক্ষা বিষয়াক জনাইছিল যদিও কিহৰ বাবে আজি তাৰিখলৈকে শিক্ষকজনৰ বিৰুদ্ধে শাস্তি মুলক ব্যৱস্থা লোৱা নাই সেইয়া ৰহস্য জনক বিষয়।

বাইট- স্থানীয় লোক৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.