ETV Bharat / state

Allegations of bribery : শিৱসাগৰত অইলত চাকৰি দিয়াৰ নামত নিবনুৱাক প্ৰৱঞ্চনাৰ অভিযোগ দুই বিজেপি নেত্ৰীৰ বিৰুদ্ধে

author img

By

Published : Jun 17, 2023, 5:11 PM IST

অইলত চাকৰি দিয়াৰ নামত নিবনুৱাক প্ৰৱঞ্চনাৰ অভিযোগ দুই বিজেপি নেত্ৰীৰ বিৰুদ্ধে ৷ প্ৰৱঞ্চনাৰে নিবনুৱা যুৱকৰ পৰা বিজেপি নেত্ৰীয়ে সৰকালে লাখ লাখ টকা ৷

Allegations of bribery
নিবনুৱাক প্ৰৱঞ্চনাৰ অভিযোগ
নিবনুৱাক প্ৰৱঞ্চনাৰ অভিযোগ দুই বিজেপি নেত্ৰীৰ বিৰুদ্ধে

শিৱসাগৰ, 17 জুন: শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত বিজেপি নেত্ৰীৰ কাণ্ড ৷ অইলত চাকৰি দিয়াৰ নামত নিবনুৱাক প্ৰৱঞ্চনাৰ অভিযোগ দুই বিজেপি নেত্ৰীৰ বিৰুদ্ধে ৷ ৰক্ষকেই ভক্ষকৰ ৰূপত অৱতীৰ্ণ হৈ প্ৰৱঞ্চনাৰে নিবনুৱা যুৱকৰ পৰা বিজেপি নেত্ৰীয়ে সৰকালে লাখ লাখ টকা ৷

শিৱসাগৰৰ এজন নিবনুৱা যুৱকৰ পৰা দুই বিজেপি নেত্ৰীয়ে অইলত চাকৰি দিয়াৰ নামত 16 লাখ 50 হাজাৰ টকা আদায় লোৱাৰ অভিযোগ দুই বিজেপি নেত্ৰী জনৈক ৰাজকুঁৱৰী আৰু দত্ত গগৈ নামৰ বিজেপি নেত্ৰীৰ বিৰুদ্ধে ৷ এই গুৰুতৰ অভিযোগ অনুসৰি জনৈক ৰাজকুঁৱৰী উপাধিৰ নেত্ৰী গৰাকী হৈছে শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভানেত্ৰী তথা দুবাৰকৈ বিধান সভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৷ বিপৰীতে জনৈক দত্ত গগৈ নামৰ নেত্ৰী গৰাকী তিনিচুকীয়া জিলাৰ নিবাসী আৰু ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যা ৷

শিৱসাগৰৰ ভুক্তভোগী যুৱক নিলোৎপল চেতিয়াৰ অভিযোগ অনুসৰি শিৱসাগৰৰ অভিজিৎ হাজৰিকা নামৰ ব্যক্তিজনে অইলত চাকৰি দিয়াৰ প্ৰলোভনৰে বিজেপি নেত্ৰী জনৈক ৰাজকুঁৱৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সোঁহাত স্বৰূপ বুলি পৰিচিত জনৈক দত্ত গগৈৰ লগত পৰিচয় কৰাই দিছিল ৷ পিছৰ পৰ্যায়ত 2021 চনৰ আগষ্ট মাহত আৰ টি জি এচ আৰু এন ই এফ টিৰ জৰিয়তে দত্ত গগৈ নামৰ নেত্ৰী গৰাকী আৰু দেৱাশিষ দাস গুপ্তাৰ একাউন্টত 5 লাখ টকা আগধন হিচাপে আদায় দিছিল যুৱকজনে ৷

কিছুদিনৰ পিছত মন্ত্ৰীৰ পৰা হেঁচা আহিছে বুলি কোৱাত যুৱকজনে পুনৰ 11 লাখ 50 হাজাৰ টকা আদায় দিছিল ৰাজকুমাৰী উপাধিৰ নেত্ৰীগৰাকীৰ বাসগৃহত ৷ যুৱকজনৰ অভিযোগ অনুসৰি টকা আদায় দিয়াৰ পাছতো চাকৰি নোহোৱাত আদায় দিয়া পইচা ঘূৰাই খুজিলে নানা কথাৰে পইচা আদায় দিয়াৰ পৰা বিৰত থকাৰ লগতে ফোন ৰিচিভ নকৰে নেত্ৰী দুগৰাকীয়ে ৷

বিপৰীতে যুৱকজনক দাবী-ধমকি দিয়ে প্ৰৱঞ্চনা কৰা দুই বিজেপি নেত্ৰীয়ে ৷ ইফালে 5 জুন তাৰিখেই শিৱসাগৰ সদৰ থানাত এই সন্দৰ্ভত এজাহাৰ দাখিলৰ পাছতো বিজেপি নেত্ৰী হোৱাৰ বাবেই আজিকোপতি আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰা নাই বুলি অভিযোগ উথ্থাপন হৈছে ৷

লগতে পঢ়ক: Free rice scheme: চৰকাৰে ফ্ৰী চাউল দিয়াৰ বাবেই ৰাইজে খেতি নকৰা হৈছে - ৰামেশ্বৰ তেলী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.