নিউজ ডেস্ক, 12 আগষ্ট : সমাগত দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতাৰ 75 বছৰ উপলক্ষে এইবাৰ চৰকাৰে ঘোষণা কৰিছে স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav)। চৰকাৰে ঘোষণা কৰা স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ‘‘ঘৰে ঘৰে জাতীয় পতাকা’’ অৰ্থাৎ ‘‘হৰ ঘৰ ত্ৰিৰংগা’’ (Har Ghar Tiranga) কাৰ্যসূচী অনুসৰি 20 কোটিৰো অধিক ঘৰৰ ওপৰত ত্ৰিৰংগ পতাকা উত্তোলনৰ কাৰ্যসূচী হাতত লৈছে ৷

সেই উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত স্বাধীনতাৰ 75 সংখ্যক বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত হাতত হাতত লোৱা হৈছে সজাগতামূলক ভিন্ন কাৰ্যসূচীৰ ৷ 75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শুকুৰবাৰে অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত বাহিৰ কৰা হয় এক সজাগতামূলক সমদল ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত বৰুৱাআলি আৰু আমগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত 7 টা গ্ৰাম্য মণ্ডলৰ দুই শতাধিক মহিলাই অংশগ্ৰহণ কৰে এই সজাগতামূলক সমদলত ৷

ইফালে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে শুকুৰবাৰে লখিমপুৰৰ বগীনদীত মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । য’ত কেৱল বোৱাৰীসকলে অংশগ্ৰহণ কৰে ৷ পুৱা প্ৰায় 8 বজাত আয়োজিত এই আকৰ্ষণীয় মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে অঞ্চলটোৰ 67 গৰাকী বোৱাৰীয়ে ।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আয়োজিত এই মাৰাথান দৌৰ প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী ত্ৰিবেণী চেতিয়া দত্ত, দ্বিতীয় ভাগ্যশ্ৰী কোঁচ আৰু তৃতীয় ৰেণু বালা দলে বুলি জানিব পৰা গৈছে ৷ আনহাতে, এই দিৱসৰ লগত সংগতি ৰাখি মৈৰাবাৰীত মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়েও বাহিৰ কৰে এক বিশাল সমদল ৷

কেৱল মৰিগাঁও জিলাতে নহয়, আজাদী কা অমৃত মহোৎসৱ উপলক্ষে কলগাছিয়াত বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত উলিওৱা হয় এক বাইক ৰেলী । য’ত বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ লগতে আৰু ই-ৰিক্সা সন্থা আদিৰ তৰফৰ পৰাও সজাগতামূলক সমদল বাহিৰ কৰে ৷ এই সমদলত কেবাজনো সমাজ কৰ্মী, কলগাছিয়া আঞ্চলিক গাঁওৰক্ষী বাহিনী আৰু অঞ্চলটোৰ বহু ৰাইজে অংশগ্ৰহণ কৰে ।

হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফলতাৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বোকাখাত, নগাঁও, ৰহা, জোনাই, মাণিকপুৰ আদিতো জিলা প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা হয় এই সজাগতামূলক সমদল তথা ভিন্ন কাৰ্যসূচী ৷ এনেদৰেই এতিয়া স্বাধীনতাৰ প্ৰাকমূহুৰ্তত ৰাজ্যত আয়োজিত হৈ আছে ভিন্ন কাৰ্যসূচী ৷
লগতে পঢ়ক : Har Ghar Tiranga: পতাকা নিকিনা হিতাধিকাৰীক বিনামূলীয়া চাউল নিদিয়ে সুলভ মূল্যৰ চাউল বিক্ৰেতাই !