আমগুৰি,৩১ অক্টোবৰ: আমগুৰিত ৰাষ্ট্ৰীয় একতা দিৱস পালন ৷ স্বাধীনতা সংগ্ৰামী, সুদক্ষ ৰাজনীতিবিদ, স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আৰু উপ প্ৰধানমন্ত্ৰী, "ভাৰত ৰত্ন" সন্মানৰে সন্মানিত লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেল দেৱৰ ওপজা দিনটোত প্ৰতিবছৰে পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস হিচাৱে ৷ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰতো আয়োজন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ৷ ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা সমিতিয়ে আয়োজন কৰে "একতাৰ বাবে দৌৰ" শীৰ্ষক এক অনুষ্ঠান ৷
এই অনুষ্ঠানটিত ভাৰতীয় জনতা পাৰ্টীৰ সুৰভী ৰাজকুমাৰী, বিনীতা শইকীয়া দে, প্ৰাঞ্জল কটকী, পংকজ ভট্টাচাৰ্যকে ধৰি বহুকেইগৰাকী জিলা পৰ্যায়ৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে আঁচনি ৰূপায়নত ব্যস্ত বিধায়ক