শিৱসাগৰ,19 ডিচেম্বৰ : আগন্তুক অসম বিধান সভাৰ নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব অখিল গগৈয়ে ৷ কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰে প্ৰকাশ কৰিলে এই কথা ৷
সম্প্ৰতি আন আন আঞ্চলিক শক্তিৰ সৈতে ৰাইজৰ দল ঐক্য বদ্ধ হোৱাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে ৷ অহা জানুৱাৰীতেই ৰাইজে ভাল খবৰ লাভ কৰিব বুলি কয় ধৈৰ্য্য কোঁৱৰে। কোঁৱৰে কয় যে, এই সন্মিলিত শক্তিৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব অখিল গগৈ। যিকোনো মূল্যৰ বিনিময়ত অখিল গগৈক অসম ধ্বংস কৰা ৰাষ্ট্ৰীয় দল সমূহৰ বিপৰীতে শিৱসাগৰৰ ৰাইজে জয়যুক্ত কৰাব বুলি বিশ্বাস ধৈৰ্য্য কোঁৱৰৰ।
লগতে পঢ়কঃ নয়দাত অগ্নিকাণ্ডত মৃত্যু অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ সহ পত্নীৰ