ETV Bharat / state

শিৱসাগৰত অখিল গগৈৰ হুংকাৰঃ কেব কেতিয়াও মানি নলয় অসমে - Akhil Gogoi at Sivsagar

শিৱসাগৰত উপস্থিত হৈ অখিল গগৈৰ হুংকাৰ ৷ কেব কেতিয়াও মানি নলয় অসমবাসী ৰাইজে ৷ যি সমুহ ঠাইত এতিয়াও বন্ধৰ প্ৰভাৱ পৰা নাই সেই অঞ্চল সমূহৰ ৰাইজক অচিৰেই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ আহ্বান কৃষক নেতা গৰাকীৰ ৷

ETV BHARAT
শিৱসাগৰত অখিল গগৈৰ হুংকাৰঃ কেব কেতিয়াও মানি নলয় অসমে
author img

By

Published : Dec 11, 2019, 1:01 PM IST

শিৱসাগৰ,11 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক,2019 লোকসভাত ইতিমধ্যেই গৃহীত হোৱাৰ পাছত আজি দিনৰ 2 বজাত ৰাজ্যসভাত উত্থাপন কৰে বিধেয়কখন ৷ আৰু আজিয়েই বিধেয়কখন ৰাজ্যসভাত গৃহীত হৈ আইনত পৰিণত হোৱাৰ সম্ভাৱনা ৷ লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছৰে পৰা ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে অসমৰ খিলঞ্জীয়া ৰাইজৰ কেব বিৰোধী প্ৰতিবাদ ৷

শিৱসাগৰত অখিল গগৈৰ হুংকাৰঃ কেব কেতিয়াও মানি নলয় অসমে

জাতিৰ এই সংকটৰ সময়ত স্বতস্ফূত ভাৱে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জাগ্ৰত জনতা ৷ কি শিক্ষক সমাজ,কি শিক্ষাৰ্থী ! কি ডেকা,কৰি বুঢ়া ! সকলোৱে মিলি হাতত হাত ধৰি ৰাজপথলৈ উলাই আহিছে এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে ৷ এই আন্দোলনক অধিক তীব্ৰতৰ কৰি তোলাৰ উদ্দেশ্যে আজি পুৱাই শিৱসাগৰত উপস্থিত হয় কৃষক নেতা অখিল গগৈ ৷ শিৱসাগৰত প্ৰতিবাদকাৰী ৰাইজৰ মাজত উপস্থিত হৈয়েই অখিল গগৈৰ আহ্বান যি সমূহ ঠাইত এতিয়াও বন্ধৰ প্ৰভাৱ পৰা নাই সেই অঞ্চল সমূহৰ ৰাইজে অচিৰেই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰক ৷ লগতে ৰাইজৰ মাজত উপস্থিত হৈ কেব আমি নামানো,কেব অসমৰ মানুহে কেতিয়াও মানি নলয় বুলি পুনৰ বাৰ স্পষ্ট কৰি দিয়ে কৃষক নেতা গৰাকীয়ে ৷ আজিৰ দিনটো অতি গুৰুত্বপুৰ্ণ বুলি মন্তব্য কৰি আজিৰ দিনটোতে অসমৰ ইতিহাস সলনি হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য অখিল গগৈৰ ৷ গতিকে কেব বাতিল নোহাৱা পৰ্যন্ত সকলোকে এই আন্দোলনৰ ধাৰা অব্যাহত ৰখাৰ আহ্বান অখিল গগৈৰ ৷

লগতে চাওকঃৰঙাপৰা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ দেহাৱসান

Intro:Body:-শিৱসাগৰত অখিল গগৈ

-আজি যদি বিধেয়কখন গৃহীত হয় তেন্তে সলনি হব অসমৰ ইতিহাস।।২০ লাখ মানুহে বিধেয়ক গৃহীত হলে নাগৰিকত্ব পাব।তাৰ পাছত ১কোটি ৭০ লাখ মানুহ আহিব।১ কোটি ৯০ লাখ বিদেশীক নাগৰিকত্ব দিয়াৰ বাবেই এই বিধেয়ক।

-CAB আমি নামানে
-বিদেশীৰ বুজা আমি নলও
-হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ নামত অসমীয়া জাতিক বলি দিব বিচাৰিছে
-অসমীয়া জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰ নগৰ জয় আই অসম ধ্বন্নিত নিনাদিতConclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.