শিৱসাগৰ, 9 জানুৱাৰী : নাগৰিকত্ব সংশোধিত আইন 2019 বাতিলৰ দাবীত শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ এই উপলক্ষে জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত AJYCP ৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে'কাৰ্ড লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদস্থলীৰ পৰা AJYCPৰ শিৱসাগৰ জিলাৰ নেতৃত্বই কয়,অসমত কা' কার্যকৰী হ'লে অসমৰ ভাষা-সংস্কৃতিৰ লগতে অসমৰ জনগাঠনিত ব্যাপক প্ৰভাৱ পৰিব। ইয়াৰ লগতে কা' কাৰ্যকৰী হ'লে ত্ৰিপুৰাত ত্ৰিপুৰীসকলৰ যি অৱস্থা হৈছে সেয়া অসমৰ খিলঞ্জীয়াসকলৰ লগতো হ’ব বুলি মন্তব্য প্ৰকাশ কৰে AJYCPৰ শিৱসাগৰ জিলা নেতৃত্বয় ৷
উল্লেখ্য যে,প্ৰতিবাদস্থলীত অসমৰ বাবে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷
লগতে পঢ়ক: অসমৰ প্ৰতিজন নাগৰিকৰ মুৰত ২৪ হাজাৰ টকাৰ ধাৰৰ বোজা