ETV Bharat / state

ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব এজেপি প্ৰথমখন ৰাজনৈতিক অভিৱর্তন - asom jatiya parishad

অসম জাতীয় পৰিষদৰ প্ৰথম ৰাজনৈতিক অভিবর্তন অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত শিৱসাগৰত ৷ শিৱসাগৰ নগৰৰ হোটেল বৃন্দাবনত সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক ড৹ বসন্ত ডেকাই ৷ দলৰ সাংগঠিক ক্ষেত্ৰতো বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ড৹ ডেকাই ৷

AJP_PRESS_MEET
ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব এজেপি প্ৰথম ৰাজনৈতিক অভিবর্তন
author img

By

Published : Nov 23, 2020, 8:45 PM IST

শিৱসাগৰ, 23 নৱেম্বৰঃ ‘কা' আন্দোলনৰ পটভূমিত নতুনকৈ ভূমিষ্ঠ হোৱা অসম জাতীয় পৰিষদৰ প্ৰথম ৰাজনৈতিক অভিৱর্তন অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত শিৱসাগৰত । শিৱসাগৰৰ নগৰৰ হোটেল বৃন্দাবনত সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক ড° বসন্ত ডেকাই ৷

ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া বহু পত্যাশিতএই অভিৱৰ্তনৰ প্ৰথম দিনা আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় দিনা মূল ৰাজনৈতিক অভিবর্তন অনুষ্ঠিত হব । দ্বিতীয় দিনা অনুষ্ঠিত হ’বলগীয়া ৰাজনৈতিক অভিৱর্তনত অসম জাতীয় পৰিষদক কোনে নেতৃত্ব দিব সেইটো কথাও ঠিক কৰা হ’ব বুলি জানিবলৈ দিয়ে ড° বসন্ত ডেকাই।

ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব এজেপি প্ৰথমখন ৰাজনৈতিক অভিবর্তন

সংবাদমেলত এজেপিৰ মুখ্য আহ্বায়ক ড৹ বসন্ত ডেকাই কয়, এই অভিবৰ্তনত দলৰ কাৰ্যনিৰ্বাহক সমিতি গঠন হোৱাৰ লগতে গ্ৰহণ কৰা হ'ব দলৰ স‌ংবিধান । দল পৰিচালনা কৰিবৰ বাবে হাইকামাণ্ড ৰূপে এখন উচ্চস্তৰীয়া সমিতি গঠন কৰা হ'ব বুলি সংবাদ মেলত ড৹ ডেকাই জানিবলৈ দিয়ে ।

ইফালে, ৰাজনৈতি মিত্ৰতাৰ ক্ষেত্ৰত এক স্পষ্ট মত প্ৰকাশ কৰে ড৹ ডেকাই ৷ তেওঁ কয়, অসমত ৰাজনৈতিক মিত্ৰতাৰ দিশত কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দল আৰু বিজেপি তথা এআইইউডিএফৰ দৰে সাম্প্ৰদায়িক দলৰ সৈতে কোনো কাৰণত মিত্ৰতা নহয় ৷ ইয়াৰ বিপৰীতে অসমৰ সকলো জাতি-জনগোষ্ঠীয় আঞ্চলিক শক্তি সমূহক একত্ৰিত কৰি ৰাষ্ট্ৰীয় আৰু সাম্প্ৰদায়িক শক্তি সমূহক অসম জাতীয় পৰিষদে প্ৰতিহত কৰা বাবে যুঁজ দিব বুলিও সদৰি কৰে ৷

উল্লেখ্য যে, সংবাদমেলত অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক ড৹ বসন্ত ডেকা আৰু ড° কৃষ্ণগোপাল ভট্টাচাৰ্যৰ লগতে সমন্বয়ক অদীপ কুমাৰ ফুকন, অসম জাতীয় পৰিষদৰ আহ্বায়ক তথা জাতীয় যুৱ শক্তিৰ তত্বাৱধায়ক চিত্তৰঞ্জন বাসুমতাৰী, বীৰেণ বৰুৱা, ৰবীন দত্ত আদি উপস্থিত থাকে ৷

লগতে পঢ়কঃ অনন্ত ধামলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.