ETV Bharat / state

Ek Asom Yatra:সৰ্বশ্ৰেষ্ঠ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা :লুৰীণজ্যোতিৰ কটাক্ষ

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 4:34 PM IST

শিৱসাগৰত অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা । বিজেপিক তীব্ৰ সমালোচনা লুৰীণজ্যোতি গগৈৰ । অসম জাতীয় পৰিষদে যোৱা ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা এক অসম যাত্ৰা ধুবুৰী জিলাৰ নেতাইধুবুনী ঘাটৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই আজি শিৱসাগৰ পদাপৰ্ণ কৰে ।

Ek Asom Yatra of AJP
অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

শিৱসাগৰ, ৩ অক্টোবৰ: যোৱা ২১ ছেপ্টেম্বৰত ঐতিহাসিক নেতাইধুবুনী ঘাটৰ পৰা আৰম্ভ কৰা 'এক অসম যাত্ৰা' আজি শিৱসাগৰত পদাপৰ্ণ কৰে ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে সম্প্ৰদায়িকতা আৰু বিভাজনৰ ৰাজনীতিৰ অভিযোগ তুলি বিভাজন আৰু সম্প্ৰদায়িকতাক মষিমূৰ কৰি একতা আৰু সমন্বয়ৰ বাণী লৈ এই যাত্ৰা কৰা বুলি উল্লেখ কৰিছে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই ৷ জাতীয়তাবাদ-আঞ্চলিকতাবাদত বিশ্বাসী ৰাইজে ঐতিহাসিক ৰংঘৰৰ পৰা শিৱসাগৰ নগৰৰ শিৱ দ'ললৈকে এক পদযাত্ৰা কৰে ।

অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

অসম জাতীয় পৰিষদৰ সদস্য-শুভাকাঙ্খীৰ লগতে বহু দল-সংগঠনে এই যাত্ৰাত অংশগ্ৰহণ কৰে । অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ,সম্পাদক জগদীশ ভূঞা, বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিৱ শৃংখল চলিহা আদিকে কৰি বহু নেতৃত্বই এই পদযাত্ৰাত অংশগ্ৰহণ কৰে । এই যাত্ৰাত ভাগ লৈ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বজ্ৰনাদ কণ্ঠেৰে তীব্ৰ সমালোচনা কৰে বিজেপি দল তথা হিমন্ত বিশ্ব শৰ্মাক । অসম আৰু অসমীয়াক ভাগ ভাগ কৰা বিজেপি দলৰ বিৰুদ্ধে এয়া অসমীয়াক একত্ৰিত কৰাৰ যাত্ৰা বুলি উল্লেখ কৰে ।

লগতে পঢ়ক:NMDC Steel plant at Nagarnar : ছত্তীশগড়ৰ নাগাৰ্ণাৰত এনএমডিচি ষ্টীল প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

তেওঁ কয় যে অনাগত দিনত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দুৰ্নীতিপৰায়ণ আৰু বিফল মুখ্যমন্ত্ৰী ৰূপে পৰিগণিত হ'ব । সেইদৰে অজাপৰ সম্পাদক জগদীশ ভূঞাই বিজেপি দলৰ বিভেদকামী ৰাজনীতিক সমালোচনা কৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এক জাতীয়তাবাদী অসম গঠনৰ উদ্দেশ্যে এই পদযাত্ৰা আৰম্ভ কৰা বুলি উল্লেখ কৰে । আনহাতে, বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই বিজেপি দলৰ বিৰুদ্ধে অসম-অসমীয়াক ভাল পোৱা সকলো জাতীয় ভাৱাসম্পন্ন ৰাইজক আঞ্চলিকতাবাদৰ স্বাৰ্থত একত্ৰিত হ'বলৈ আহবান জনায় । বিভিন্ন জাতি-সংস্কৃতিৰ সাংস্কৃতিক গোষ্ঠীয়ে অংশগ্ৰহণ কৰা এই পদযাত্ৰাত পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Congress react over Wages of tea workers : চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি বিজেপিয়ে পূৰণ কৰা নাই:ভূপেন‌ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.