ETV Bharat / state

শিৱসাগৰক পুৰাতত্ব উদ্যান ঘোষণা কৰাৰ দাবীত আহোম সেনাৰ প্ৰতিবাদ - শিৱসাগৰক পুৰাতত্ব উদ্যান ঘোষণা কৰাৰ দাবী

শিৱসাগৰ জিলাক পুৰাতাত্বিক উদ্যান (ARCHAEOLOGICAL PARK) হিচাপে ঘোষণা কৰক ৷ এই দাবীৰে শিৱসাগৰৰ বৰপুখুৰী পাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে আহোম সেনাই ৷

declare Sivasagar as archaeological park
শিৱসাগৰক পুৰাতত্ব উদ্যান ঘোষণা কৰাৰ দাবীত আহোম সেনাৰ প্ৰতিবাদ
author img

By

Published : Nov 8, 2021, 5:58 PM IST

শিৱসাগৰ, 8 নৱেম্বৰ : শিৱসাগৰ জিলাক পুৰাতাত্বিক উদ্যান (ARCHAEOLOGICAL PARK) হিচাপে ঘোষণা কৰাৰ দাবীত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আহোম সেনাই ৷ ৰজাদিনীয়া ঐতিহাসিক সম্পদেৰে ভৰপূৰ শিৱসাগৰ জিলাক পুৰাতাত্বিক উদ্যান হিচাপে ঘোষণা কৰাৰ বাবে ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণ( Archaeological Survey of India) সঞ্চালকলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণাৰ কৰাৰ দাবী জনাই অহা হৈছে যদিও বৰ্তমানলৈতকে সেয়া বাস্তৱ হৈ উঠা নাই ৷ ইয়াৰ ফলস্বৰূপে সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আহোম সেনাই ৷ শিৱসাগৰৰ বৰপুখুৰী পাৰত থকা ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণ (Archaeological Survey of India) কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

শিৱসাগৰক পুৰাতত্ব উদ্যান ঘোষণা কৰাৰ দাবীত আহোম সেনাৰ প্ৰতিবাদ

উক্ত প্ৰতিবাদী কাৰ্যসূচীত আহোম সেনাৰ শতাধিক কৰ্মীয় অংশগ্ৰহণ কৰে ৷ হাতে হাতে প্লে'কাৰ্ড লৈ শিৱসাগৰ জিলাক পুৰাতত্ত্ব উদ্যান হিচাপে ঘোষণা কৰক, ঐতিহাসিক সম্পদৰ সঠিক সংৰক্ষণ কৰক আদি শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক: ভিন্ন ক্ষেত্ৰৰ 119 গৰাকী ব্যক্তিক এইবছৰৰ পদ্ম বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.