ETV Bharat / state

এতিয়াৰে পৰা মুকলিকৈ বিক্ৰী কৰিব পাৰিব সাঁচি গছ - Agor Business in the direction of legitimacy etv bharat news

অসমৰ থলুৱা সাঁচি খেতিয়ক তথা ব্যৱসায়ী সকলৰ বাবে সুখবৰ ৷ এতিয়াৰে পৰা মুকলিকৈ কৰিব পাৰিব সাঁচি গছৰ ব্যৱসায় ৷ এই ক্ষেত্ৰত বাধা দিব নোৱাৰিব বন বিভাগ আৰু আৰক্ষী প্ৰশাসনে ৷ এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

এতিয়াৰে পৰা মুকলিকৈ বিক্ৰী কৰিব পাৰিব সাঁচি গছ
বৈধতাৰ দিশে সাঁচি গছ
author img

By

Published : Aug 2, 2021, 11:53 AM IST

Updated : Aug 2, 2021, 5:43 PM IST

আমগুৰি, 2 আগষ্ট : ব্যৱসায়ী সকলৰ বাবে এক সু-খবৰ ৷ বিশেষকৈ অসমৰ থলুৱা সাঁচি খেতিয়ক আৰু ব্যৱসায়ীৰ বাবে এক বিশেষ সুখবৰ ৷ এতিয়াৰে পৰা সাঁচিগছ কটা, বিক্ৰী কৰা আৰু ব্যৱসায় কৰাত বাধা দিব নোৱাৰিব বন বিভাগ তথা আৰক্ষী প্ৰশাসনে ৷

ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সকলো জিলাৰ আৰক্ষী অধীক্ষক আৰু জিলা বন বিষয়ালৈ প্ৰেৰণ কৰিছে এখন পত্ৰ । মেম' নং-চিএমঅ'- ২/২০২১/১৯৮৯ পত্ৰৰ যোগেদি থলুৱা সাঁচি খেতিয়কক কোনো ধৰণৰ হাৰাশাস্তি নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে সাঁচি খেতিয়কৰ গাড়ী বন বিভাগ আৰু আৰক্ষী প্ৰশাসনক আটক নকৰিবলৈয়ো নিৰ্দেশ প্ৰদান কৰা হৈছে । অৱশ্যে ফৰেষ্ট লেণ্ড অৰ্থাৎ বন বিভাগৰ ভিতৰৰ সাঁচি গছ বিক্ৰী বা ব্যৱসায় কৰিব নোৱাৰিব ।

Agor Business in the direction of legitimacy
সাঁচি গছৰ বৈধতাৰ পত্ৰ

এইক্ষেত্ৰত বন বিভাগ তথা আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'ব পাৰিব বুলি নিৰ্দেশ প্ৰদান কৰা হৈছে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এনে নিৰ্দেশৰ পিছতেই উৎফুল্লিত হৈ উঠিছে থলুৱা সাঁচি খেতিয়ক আৰু ব্যৱসায়ীসকল । মুখ্যমন্ত্ৰীৰ এনে নিৰ্দেশক আদৰণি জনাইছে থলুৱা সাঁচি খেতিয়ক তথা ব্যৱসায়ীসকলে । ক’ব পাৰি যে, উজনি অসম সাঁচি গছৰ কাৰণে বিখ্যাত ।

এতিয়াৰে পৰা মুকলিকৈ বিক্ৰী কৰিব পাৰিব সাঁচি গছ

লগতে পঢ়ক : অসম আৰক্ষীক কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

অসমৰ অৰ্থনীতি টনকিয়াল কৰা, শিক্ষিত নিবনুৱাক আৰ্থিক কৰ্ম সংস্থাপন দিয়াত সাঁচি খেতি তথা ব্যৱসায়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । উজনি অসমৰ শিৱসাগৰ জিলা, যোৰহাট জিলা, গোলাঘাট জিলা, চৰাইদেউ জিলা সাঁচি গছৰ কাৰণে বিখ্যাত । শিৱসাগৰ জিলাৰ নামতি, নাজিৰা, চামগুৰি, বৰাহিবাৰী, লালিম চাপৰি, যোৰহাট জিলাৰ কাকজান, গোলাঘাটৰ নাহৰণি আদি অঞ্চলত সাঁচি গছৰ বিশেষ দৰ আছে ।

উল্লেখ্য যে, অনবদ্য প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ উত্তৰ-পূৰ্বাঞ্চলৰ সকলোতকৈ মূল্যবান সম্পদবিধ সাঁচি গছ ৷ তেল, কয়লা, চাহ শিল্পই ফেৰ মাৰিব নোৱৰা সুগন্ধি তেলৰ উদ্ভিদ সাঁচিৰ তিনিটা প্ৰজাতিৰ ভিতৰত অসমত থকা উদ্ভিদ বিধেই বিশ্বৰ বজাৰত মূল্যবান ৷ ১০-১৫ বছৰীয়া এজোপা সাঁচি গছৰ মূল্য বজাৰত কমেও ৫ হাজাৰৰ পৰা ৫ লাখ পৰ্যন্ত ৷

অসমত বিশেষকৈ উজনিত মানুহৰ ঘৰে ঘৰে পোৱা যায় সাঁচি গছ ৷ শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলত প্ৰতি ঘৰ লোকেই নিজৰ বাৰীত ৰোপন কৰে মূল্যবান সাঁচি গছ । এই সাঁচি খেতি কৰি নামতিৰ প্ৰতি ঘৰ মানুহেই স্বাৱলম্বী হৈছে ।

সাঁচি গছ আন্তঃৰাষ্ট্ৰীয় বজাৰত উন্নত স্থান দখল কৰি আহিছে ৷ কিন্তু চৰকাৰে এই ব্যৱসায়ক অত বছৰে বৈধতাৰ স্বীকৃতি নিদিয়াত স্বাভাৱিকতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছিল এই ব্যৱসায়ীসকল । কিন্তু এতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাঁচি ব্যৱসায়ক বৈধতা স্বীকৃতি দিয়াৰ বাবে পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদানৰ পিছতে উৎফুল্লিত হৈ পৰিছে সাঁচি ব্যৱসায়ীসকল ৷ এনে সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী কৃতজ্ঞতা জ্ঞাপন কৰিছে সাঁচি ব্যৱসায়ীসকলে ।

লগতে পঢ়ক: Chak De India: অলিম্পিকত মহিলা হকীৰ ছেমি ফাইনেলত ভাৰত

Last Updated : Aug 2, 2021, 5:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.