ETV Bharat / state

ক'ৰণাত জুৰুলা হৈ সহায় ভিক্ষা বৌদ্ধ ভিক্ষুৰ

author img

By

Published : Sep 30, 2020, 3:43 PM IST

আৰ্থিক সংকটত ভুগি সহায় ভিক্ষা বৌদ্ধ ভিক্ষুৰ ৷ 70 বছৰ পূৰ্বেই 1953 চনত স্থাপিত হোৱা শিৱসাগৰৰ বৌদ্ধ বিহাৰ তীব্ৰ আৰ্থিক সংকটত ৷ লক ডাউনৰ লগতে আৰ্থিক মন্দাৱস্থাৰ বাবে বিহাৰ পৰিচালনা সমিতি ভিক্ষুসকলক দৈনন্দিন আৰ্থিক খৰছ প্ৰদান কৰাত ব্যৰ্থ হৈছে ৷ চিলিঙৰ প্লাষ্টাৰ খহি পৰাৰ লগতে বৰষুণৰ সময়ত পানী আৰু দেৱালয়ৰ বিভিন্ন ঠাইত ফাঁট মেলাত বৌদ্ধ বিহাৰটো ব্যৱহাৰৰ বাবে শংকাজনক হৈ পৰিছে ৷

ক'ৰণাত জুৰুলা হৈ সহায় ভিক্ষা বৌদ্ধ ভিক্ষুৰ
ক'ৰণাত জুৰুলা হৈ সহায় ভিক্ষা বৌদ্ধ ভিক্ষুৰ

শিৱসাগৰ, 30 চেপ্তেম্বৰ: আৰ্থিক দৈন্যতাত ভুগি সহায় ভিক্ষা বৌদ্ধ বিহাৰৰ ভিক্ষুৰ ৷ ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱসাগৰৰ বৌদ্ধ বিহাৰৰ ভিক্ষুসকলে তীব্ৰ আৰ্থিক সংকটত ভুগি এতিয়া উপায়হীন হৈ সহায়ৰ আহ্বান জনাইছে ৷ প্ৰায় 70 বছৰ আগত 1953 চনতে স্থাপিত হোৱা শিৱসাগৰৰ বৌদ্ধ বিহাৰত মুঠ তিনি গৰাকী ভিক্ষু বাস কৰে ৷ মাত্ৰ 35 টা পৰিয়ালৰ দ্বাৰা পালিত এই বিহাৰৰ পৰিচালনা সমিতীয়ে এতিয়া ভিক্ষুসকলক ন্যূনতম অত্যাৱশ্যকীয় সামগ্ৰী খিনিও যোগান দিয়াত ব্যৰ্থ হৈ পৰিছে ৷ কভিড-19ৰ পৰিপ্ৰেক্ষিতত বলৱৎ কৰা লক ডাউনৰ লগতে উদ্ভৱ হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ বাবেই এতিয়া বিহাৰ পৰিচালনা সমিতিয়ে ভিক্ষুসকলক দৈনন্দিন আৰ্থিক খৰছ প্ৰদান কৰাত ব্যৰ্থ হৈছে ৷ যাৰ ফলত তীব্ৰ আৰ্থিক সংকটত ভুগি এতিয়া বৌদ্ধ ভিক্ষুৱে চৰকাৰ-প্ৰশাসনৰ সহায়ৰ বাবে আৰ্তনাদ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ইফালে চৰকাৰ প্ৰশাসনৰ পৰা সহায় ভিক্ষা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ ওপৰিও অন্য এক সমস্যাই এতিয়া চিন্তিত কৰি তুলিছে ভিক্ষুসকলক ৷ সাংবাদিকক জনোৱা মতে উত্তৰ-পূৱ পৰিষদে শিৱসাগৰৰ বৌদ্ধ বিহাৰৰ চৌহদত মূল মন্দিৰৰ গাতে লগাই এক নতুন ভৱন নিৰ্মাণ কৰাৰ ফলত ইতিমধ্যে পুৰণি হৈ পৰা বৌদ্ধ মন্দিৰৰ ভৱনটোৰ ব্যাপক ক্ষতি কৰিছে ৷ ইয়াৰ ফলতে এতিয়া মূল বৌদ্ধ বিহাৰৰ ভৱনত নানান সমস্যাই দেখা দিছে ৷ চিলিঙৰ প্লাষ্টাৰ খহি পৰাৰ লগতে বৰষুণৰ সময়ত পানী আৰু দেৱালয়ৰ বিভিন্ন ঠাইত ফাঁট মেলাৰ বাবেও বৌদ্ধ বিহাৰ ভৱন এতিয়া ব্যৱহাৰৰ বাবে যথেষ্ঠ শংকাজনক হৈ পৰিছে ৷

উল্লেখ্য যে হিন্দু ধৰ্মৰ অন্যতম উপাস্য দেৱতা সকলৰ বিষ্ণুৰ অন্য এক অৱতাৰ হ'ল বুদ্ধদেৱ ৷ প্ৰাচীন ভাৰতত বুদ্ধদেৱে প্ৰৱৰ্তন কৰা এই ধৰ্ম সম্ৰাট অশোকৰ সময়ত পৃথিৱী ব্যাপি প্ৰচাৰ হৈছিল ৷ কিন্তু লাহে লাহে এই ধৰ্মৰ প্ৰচলন ভাৰতত কমি আহিল ৷ বৰ্তমান অসমতো আঙুলি মূৰত গণিব পৰাকৈ কিছু কিছু ঠাইতহে বৌদ্ধ ধৰ্মাৱলম্বী লোকক পোৱা যায় ৷ এই মুষ্টিমেয় লোকসকলক সামৰি যিকেইটা বৌদ্ধ বিহাৰ আছে তাৰ অৱস্থাও বৰ্তমান তথৈবচ হৈ পৰাত চৰকাৰ কৰ্তৃপক্ষৰ পৰা সহায় ভিক্ষা কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ নামঘৰৰ উন্নীতকৰণৰ বাবে লাক লাখ টকা আৱন্টন দিয়া চৰকাৰে এই বৌদ্ধ ভিক্ষু সকলক কেনে দৃষ্টিৰে চাই সেইয়া সময়ত লক্ষণীয় হ'ব ৷
লগতে পঢ়ক: শিৱসাগৰত আটক তিনি গভাইত চোৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.