ETV Bharat / state

আমগুৰিত শোকাৱহ পথ দুঘটনা: নিহত এগৰাকী - নতুন লুণপুৰীয়াত

আমগুৰিত শোকাৱহ পথ দুৰ্ঘটনা ৷ বলে'ৰ পিক'আপ বাহনে মহতিয়াই নিলে এজন ব্যক্তিক ৷ নিশা সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত হয় ব্যক্তিজন ৷ দুৰ্ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি ৷

Accident at amguri  one death
আমগুৰিত শোকাৱহ পথ দুঘটনাত নিহত এগৰাকী
author img

By

Published : Oct 9, 2020, 8:38 AM IST

আমগুৰি, ৯ অক্টোবৰঃ শিৱসাগৰ জিলাৰ নামতিৰ নতুন লুণপুৰীয়াত বৃহস্পতিবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন ৬০ বছৰীয়া ব্যক্তি থিতাতে নিহত হয় ৷ নিহত ব্যক্তিজনৰ নাম নৰেন চুতীয়া বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, নৰেন চুতীয়াই বিশেষ কামত ঘৰৰ বাহিৰলৈ ওলাই অহা অৱস্থাত তীব্ৰবেগী এখন "বলে'ৰ পিক'আপ" বাহনে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়াত থিতাতে নিহত হয় ব্যক্তিজনৰ । আনহাতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰটো হৈছে AS04-BC-4923 ৷ প্ৰাপ্ত তথ্য অনুসৰি বাহনৰ চালকজন আছিল সুৰামত্ত অৱস্থাত ৷ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰেই দুৰ্ঘটনাস্থলীত হালোৱাটিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও কেইবা ঘণ্টা ধৰি অঞ্চলটোত চেপা-উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হয় ৷

আমগুৰিত শোকাৱহ পথ দুঘটনাত নিহত এগৰাকী

পৰৱৰ্তী সময়ত নিশা প্ৰায় ১১ বজালৈ আৰক্ষীৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু বাহনখন জব্দ কৰে ৷ বাহনখনৰ চালককো স্থানীয় লোকে আটক কৰি গাওঁৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীক চমজায় দিয়ে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে যদিও পৰৱৰ্তী সময়তহে সবিশেষ জানিব পৰা যাব প্ৰকৃততে কিহৰ বাবে সংঘটিত হ’ল দুৰ্ঘটনাটো ৷

লগতে পঢ়কঃ চিৰাঙত আৰক্ষীৰ জালত নিচাযুক্ত দ্ৰব্যসহ দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.