ETV Bharat / state

ৰাম কুমাৰৰ মুক্তিত প্ৰণৱ গগৈৰ সন্তুষ্টি প্ৰকাশ - abducted quippo employee pranav gogoi

সহকৰ্মী ৰাম কুমাৰৰ মুক্তিত সন্তুষ্টি প্ৰকাশ কৰিছে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈয়ে ৷ বিগত বৰ্ষৰ 21 ডিচেম্বৰত আলফা(স্বাঃ) ই অৰুণাচলৰ ডায়ুনৰ পৰা কুইপ' কোম্পানীত কৰ্মৰত দুই বিষয়া ক্ৰমে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক অপহৰণ কৰিছিল ৷

abducted quippo employee pranav gogoi
ৰাম কুমাৰৰ মুক্তিত প্ৰণৱ গগৈৰ সন্তুষ্টি প্ৰকাশ
author img

By

Published : Apr 5, 2021, 12:42 PM IST

শিৱসাগৰ,5 এপ্ৰিল: আলফা (স্বাঃ) ৰ দ্বাৰা অপহৃত সহকৰ্মী ৰাম কুমাৰৰ মুক্তিত সন্তুষ্টি প্ৰকাশ কৰিছে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈয়ে ৷ বিগত বৰ্ষৰ 21 ডিচেম্বৰত আলফা স্বাধীনে অৰুণাচলৰ ডায়ুনৰ পৰা কুইপ' কোম্পানীত কৰ্মৰত দুই বিষয়া ক্ৰমে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক অপহৰণ কৰি নিছিল ৷

সহকৰ্মী ৰাম কুমাৰৰ মুক্তিত সন্তুষ্টি প্ৰকাশ কৰিছে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈয়ে

100 দিনতকৈও অধিক দিন বন্দী কৰি ৰখাৰ পাছত শনিবাৰে আলফাই শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈক মুকলি কৰি দিছিল ৷ বন্দীত্বৰ অৱসান ঘটাই মুকলি হৈয়ে গগৈয়ে তেওঁৰ সহকৰ্মী তথা কুইপ'ৰ কৰ্মচাৰী বিহাৰৰ ৰাম কুমাৰকো মুক্তি কৰি দিয়াৰ বাবে আলফা (স্বাঃ) ক আহ্বান জনাইছিল ৷

অৱশেষত দীৰ্ঘ দিনৰ অপেক্ষাৰ ওৰ পেলাই ভাৰত-ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ লংহুৱা গাঁৱত ৰাম কুমাৰক মুকলি কৰি দিয়াৰ খবৰ পোৱাৰ পাছতে গগৈয়ে আলফাক ধন্যবাদ জনোৱাৰ লগতে অসমৰ সন্মান ৰক্ষা কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে ৷ অসমৰ ৰাইজ তথা সংবাদ মাধ্যমকো গগৈয়ে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক: মুকলি আকাশৰ তলত কুইপ’ৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.