ETV Bharat / state

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সমস্যা সমাধানৰ দাবীত আছুৰ প্ৰতিবাদ - Sivasagar civil hospital problem

চিকিৎসক তথা চিকিৎসাকৰ্মীৰ অভাৱ, দুৰ্বল আন্তঃগাঁথনি আদি বহু সমস্যাৰে জৰ্জৰিত হৈ আছে শিৱসাগৰ অসামৰিক চিকিৎসালয় ৷ চিকিৎসালয় খনত থকা অভাৱ-অভিযোগ সমূহ অতি সোনকালে নিৰ্মূল কৰাৰ দাবীত সোমবাৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

aasu-protests-demanding-solution-of-sivasagar-civil-hospital-problem
শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সমস্যা সমাধানৰ দাবীত আছুৰ প্ৰতিবাদ
author img

By

Published : Aug 9, 2021, 5:49 PM IST

শিৱসাগৰ, 9 আগষ্ট : শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ দুৰৱস্থা দূৰীকৰণৰ বাবে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ জিলা সদৰৰ অসামৰিক চিকিৎসালয়খনৰ বিভিন্ন সমস্যা সমূহ শীঘ্ৰে সমাধান কৰা আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ দাবীত সোমবাৰে চিকিৎসালয় চৌহদত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই ৷

উল্লেখ্য যে, অসামৰিক চিকিৎসালয়খনত বৰ্তমান সময়ত চিকিৎসক,স্বাস্থ্য কৰ্মীৰ লগতে অন্যান্য বহু পদ খালী হৈ আছে ৷ যাৰ বাবে বহু সময়ত সাধাৰণ ৰাইজে ইয়াৰ ফল ভুগিবলগীয়া হৈছে ৷ গতিকে অতি শীঘ্ৰেই খালী পদসমূহ পূৰণ কৰাৰ লগতে চিকিৎসালয় খনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ দাবীত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰিছে এই প্ৰতিবাদ ৷ চিকিৎসালয়ৰ সন্মুখত 1 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক এক দাবী পত্ৰ প্ৰেৰণ কৰে ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷

লগতে পঢ়ক : মুক্তি সেনানী চন্দ্ৰধৰ চেতিয়ালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সম্বৰ্ধনা

আনহাতে চিকিৎসালয় খনৰ ক'ভিড ৱাৰ্ডৰ অৱস্থা অতিকৈ দুখলগা বুলি অভিযোগ উত্থাপন কৰিছে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ৷ চিকিৎসকৰ অভাৱত বহু সময়ত ৰোগীয়ে হাহাকাৰ কৰিব লগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কৰ্মীয়ে ৷

আনকি বহু সময়ত আয়ুৰ্বেদিক চিকিৎসকৰ সহায়ত চিকিৎসালয়খনত জৰুৰীকালীন চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগ তুলিছে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ৷ যাৰ বাবে চিকিৎসালয়খনক অতি শীঘ্ৰে অত্যাধুনিক প্ৰযুক্তিৰে উন্নীত কৰাৰ লগতে খালী হৈ থকা আঠ(8)টাকৈ চিকিৎসকৰ পদ পূৰণ কৰা আৰু চিকিৎসা কৰ্মী নিয়োগ কৰাৰ বাবে দাবী উত্থাপন কৰিছে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কৰ্মীয়ে ৷

লগতে পঢ়ক : ‘I look into’...কাক হোৱাটছ এপ মেছেজৰ ৰিপ্লাই দিলে শক্তিমন্ত্ৰীয়ে

আনহাতে, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈকো কঠোৰ সমালোচনা কৰিছে ছাত্ৰ সন্থাই ৷ মমতা বেনাৰ্জীৰ বোকোচাত উঠি অসমৰ মুখ্য়মন্ত্ৰী হোৱাৰ সপোন পৰিত্যাগ কৰি শিৱসাগৰবাসীৰ অভাৱ অভিযোগত মনোনিৱেশ কৰিবৰ বাবে বিধায়ক অখিল গগৈক আহ্বান জনাইছে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ৷ অন্যথা ভৱিষ্যত দিনটো এই বিষয়ত প্ৰতিবাদ অব্যাহত থাকিব বুলি জনাইছে ছাত্ৰ সন্থাৰ কৰ্মীয়ে ৷

লগতে পঢ়ক : অসমৰ ভূমি বেদখলক লৈ উত্তপ্ত বিধানসভা : বিৰোধীৰ সদন ত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.