ETV Bharat / state

AASU protest in Dikhowmukh : খহনীয়া ৰোধৰ দাবীত শিৱসাগৰৰ দিখৌমুখত আছুৰ মানৱ শৃংখল কাৰ্যসূচী

author img

By

Published : Dec 17, 2021, 7:58 PM IST

শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত দিখৌমুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ । দীৰ্ঘদিনীয়া বান আৰু খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত দিখৌমুখৰ মামল চিকাৰী পাৰঘাটত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে(AASU forms human chain in Dikhowmukh)। খহনীয়া ৰোধৰ ক্ষেত্ৰত স্থানীয় বিধায়কেও গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ।

AASU protest in Dikhowmukh
শিৱসাগৰৰ দিখৌমুখত আছুৰ মানৱ শৃংখল কাৰ্যসূচী

আমগুৰি, ১৭ ডিচেম্বৰ: শুকুৰবাৰে শিৱসাগৰ জিলাৰ দিখৌমুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে । শিৱসাগৰ মহকুমা ছাত্র সন্থা আৰু ৪ খন আঞ্চলিক ছাত্র সন্থাৰ কৰ্মকৰ্তাসকলে আৰু স্থানীয় ৰাইজৰ সহযোগত খহনীয়া ৰোধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে(AASU demand to solve Dikhowmukh erosion issue) । বান আৰু খহনীয়া সমস্যাই শংকিত কৰি তুলিছে দিখৌমুখ ৰূপহীমুখৰ ৰাইজক । কিয়নো, বহু লোকৰ ঘৰ-মাটি খহনীয়াত জাহ গৈছে(Erosion problem in Dikhowmukh rupahimukh) ।

জীৱনৰ নিৰাপত্তাৰ খাতিৰতে বহু লোকে ইতিমধ্যে আন ঠাইলৈও ঢাপলি মেলিবলগীয়া হৈছে । তথাপিও চৰকাৰে খহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা কৰা নাই বুলি অভিযোগ তুলিছে আছুৰ সদস্যসকলে । বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি সমস্যা সমাধানৰ দাবী জনাই দিখৌমুখ মামল চিকাৰী পাৰঘাটত অৰ্ধ শতাধিক আছু সদস্য আৰু স্থানীয় ৰাইজে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে(AASU protest in Dikhowmukh rupahimukh) । দিখৌমুখৰ তেলীয়াডোঙা আৰু ৰূপহীমুখৰ গৰাখহনীয়া আৰু বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাায় প্ৰতিবাদকাৰীসকলে ।

বিগত তিনি দশক ধৰি ৰূপহীমুখৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া প্রায় ১৫ কিলোমিটাৰ দূৰত্বত থকা অঞ্চলত খহনীয়া অব্যাহত আছে । বান আৰু গৰাখহনীয়াই অঞ্চলটোৰ ৰাইজক জুৰুলা কৰি অহাৰ পাচতো আজি পৰ্যন্ত এই সমস্যাৰ স্থায়ী সমাধান নহ'ল ।

আনহাতে, বানবিধস্ত ৰূপহীমুখত বিশুদ্ধ খোৱাপানী আৰু যাতায়াতৰ সমস্যায়ো ৰাইজক হাৰাশাস্তি ভোগাই আহিছে । স্থানীয় বিধায়কগৰাকীয়ে ৰূপহীমুখত নিৰ্বাচনৰ পূৰ্বে এক ৩০০ কোটি টকীয়া বান আৰু গৰাখহনীয়া ৰোধৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল যদিও এতিয়ালৈকে ৰূপহীমুখত এচপৰা মাটিও নপৰিল । ব্ৰহ্মপুত্ৰৰ বিধ্বংসী বানত বিগত সময়ত তেলীয়াডোঙাৰ পৰা ৰূপহীমুখলৈকে ১০ খনকৈ গাঁও নিশ্চিহ্ন হোৱাৰ উপৰিও প্ৰতি বছৰে হেক্টৰে হেক্টৰে মাটি ব্ৰহ্মপুত্ৰত জাহ গৈ আছে ।

আজি সদৌ অসম ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীগৰাকীক দিখৌমুখৰ বানপীড়িত অঞ্চলসমূহত স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । লগতে স্থানীয় বিধায়কগৰাকীক এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা ল'বলৈও আহ্বান জনায় । অন্যথা সদৌ অসম ছাত্ৰ সন্থাই পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক:Foundation Day of AJP : দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.