ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

author img

By

Published : Jul 31, 2020, 6:06 PM IST

উল্লেখ্য যে,কোভিড ১৯ সংক্ৰমণ ৰোধৰ নামত অসম চৰকাৰে নাটক ৰচনা কৰি 'CAA' বিৰোধী আন্দোলনক স্তিমিত কৰাৰ চেষ্টা কৰিছে বুলি স্পষ্ট অভিযোগ উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ।

Sivsagar
AASU protest

শিৱসাগৰ, 31 জুলাইঃ মহামাৰীৰ মাজতো নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শুকুৰবাৰে পুনৰ উত্তপ্ত হৈ পৰিল শিৱসাগৰ। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতিবাদী মানৱ শৃংখলেৰে পুনৰ বিজেপি বিৰোধী ধ্বনিৰে কঁপি উঠিল শিৱসাগৰ নগৰ। বৰকাঁহৰ শব্দত মুখৰিত হ'ল প্ৰতিবাদী শ্ল'গান।

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইন CAA আমি নামানো,বিজেপি-আৰ এচ এচ মুৰ্দাবাদ,নৰেন্দ্ৰ মোডী-অমিত শ্বাহ-জাতিদ্ৰোহী সৰ্বানন্দ সোণোৱাল গ' বেক আদি শ্ল'গানেৰে আছুৰ প্ৰতিবাদকাৰীসকলে শিৱসাগৰ নগৰৰ অতি ব্যস্ত দ'লমুখ চাৰিআলি অঞ্চল কঁপাই তোলে।

লগতে পঢ়কঃ নোনা নৈৰ মথাউৰি ছিগি প্লাৱিত নলবাৰীৰ বিস্তীৰ্ণ এলেকা

উল্লেখ্য যে,কোভিড ১৯ সংক্ৰমণ ৰোধৰ নামত অসম চৰকাৰে নাটক ৰচনা কৰি 'CAA' বিৰোধী আন্দোলনক স্তিমিত কৰাৰ চেষ্টা কৰিছে বুলি স্পষ্ট অভিযোগ উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে । সামাজিক দূৰত্ব বজাই ৰাখি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি শিৱসাগৰত আছুৱে আইনখন বাতিল নকৰা পৰ্যন্ত তীব্ৰ আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.