শিৱসাগৰ, 13 জুনঃ "নামক লৈ ৰাজনীতি নকৰি শিৱসাগৰৰ দুই উচ্চ শিক্ষানুষ্ঠান ৰাজীৱ গান্ধী পেট্ৰলিয়াম টেকন'লজি ইনষ্টিটিউট আৰু ৰাজীৱ গান্ধী সমাবায় বিশ্ববিদ্যালয়ক চৰকাৰে অতিশীঘ্ৰে পূৰ্ণ পৰ্যায়ৰ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰক। নামক লৈ যদি বৰ্তমানৰ চৰকাৰখনে শংকাবোধ কৰিছে তেন্তে দৰকাৰ হ'লে অসমৰ কোনো বৰেণ্য ব্যক্তিৰ নামত নামাকৰণ কৰি হ'লেও হ'ব লাগে"- এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ ।
শিৱসাগৰত আছুৰ এক অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকক তেওঁ এইদৰে কয় ৷ আছু সভাপতিগৰাকীয়ে লগতে কয়- "এইখন শিৱসাগৰতেই ১৮৪১ চনত অসমৰ ভিতৰত প্ৰথমখন ইংৰাজী স্কুল স্থাপিত হৈছিল, ইয়াৰ পৰাই অসমীয়া ভাষাৰ চৰ্চা হৈছিল, ইয়াতেই প্ৰথম ছপাশাল স্থাপন কৰি অসমীয়া ভাষাক আজিৰ পৰ্যায়লৈ লৈ যোৱা হ'ল, আলোচনীখনেও শিৱসাগৰৰ পৰা ওলাইছিল, সকলো ইয়াৰ পৰাই হৈছিল তথাপি শিৱসাগৰত প্ৰস্তাৱিত শিক্ষানুষ্ঠান দুখনৰ প্ৰতি চৰকাৰৰ কোনো, কাণসাৰ নাই। দুয়োখন শিক্ষানুষ্ঠান উন্নীতকৰণৰ বাবে কোনো প্ৰচেষ্টা নল'লে । কাৰ নামত শিক্ষানুষ্ঠান দুখন হ'ব তাকলৈ আমাৰ কোনো ক'বলগীয়া নাই । কিন্তু শীঘ্ৰে শিক্ষানুষ্ঠান দুখন হ'ব লাগে ৷"
চৰকাৰে যদি সোনকালে শিক্ষানুষ্ঠান দুখন পূৰ্ণ পৰ্যায়ৰ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ নকৰে তেন্তে ছাত্ৰ সন্থাই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ কণ্ঠবোধ নকৰিব বুলি আছুৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে।
উল্লেখ্য যে, শিক্ষাৰ ক্ষেত্ৰত সদায় অৱহেলিত হৈ আছে শিৱসাগৰ । সকলো চৰকাৰেই উচ্চ শিক্ষানুষ্ঠান স্থাপনৰ ক্ষেত্ৰত শিৱসাগৰক সদায় অৱহেলা কৰা দেখা গৈছে। ২০০৭-২০০৮ বৰ্ষতেই সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে শুভাৰম্ভ কৰিছিল ৰাজীৱ গান্ধী পেট্ৰলিয়াম টেকন'লজি ইনষ্টিটিউটৰ । আজি প্ৰায় ১২ টা বছৰে ১০ শতাংশ কামও সম্পূৰ্ণ হৈ উঠা নাই শিক্ষানুষ্ঠানখনৰ । যাৰ বাবে ক্ষোভিত হৈ পৰিছে বিভিন্ন জাতীয় সংগঠনৰ লগতে শিৱসাগৰবাসী ৰাইজ । আনহাতে সমবায় বিশ্ববিদ্যালয়ৰ বাবে প্ৰস্তাৱিত মাটিত আজি পৰ্য্যন্ত কোনো কাম সম্পূৰ্ণ নোহোৱাত ভাড়া ঘৰত বিদ্যালয়ৰ শিক্ষাবৰ্ষ আৰম্ভ কৰিব লগীয়া অৱস্থা হৈছে ।