নাজিৰা, ৩১ জুলাইঃ বিটবক্সিং ! বিশ্বৰ সংগীত জগতত সংযোজিত এক জনপ্ৰিয় কলা হৈছে বিটবক্সিং৷ পশ্চিমীয়া দেশ সমূহত এই কলা অধিক প্ৰচলিত যদিও বৰ্তমান ৰাজ্যৰ নৱপ্ৰজন্মই আদৰি লৈছে এই সাংগীতিক কলা ৷ কিন্তু সকলোৰে বাবে সম্ভৱ নহয় এই কলা ৷ এই কলা আয়ত্ত কৰিবলৈ এক বিশেষ প্ৰতিভাৰ অধিকাৰী হ'ব লাগিব ৷ ইলেক্ট্ৰ'নিক বাদ্যযন্ত্ৰৰ সকলো শব্দ মুখৰ মাত জিভা,উঠ আৰু ডিঙিৰে উলিয়াব পাৰিব লাগিব বিটবক্সিংত ৷
লগতে পঢ়কঃ মাতৃভূমি পালেহি শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰদেহ
লকডাউনৰ সময়ত ইউ টিউবত ভিডিঅ' চাই নাজিৰাৰ এজন ছাত্ৰই আয়ত্ত কৰিছে এই বিটবক্সিং ৷ নাজিৰাৰ আশোতোষ মজুমদাৰ নামৰ ছাত্ৰজনে এই বিটবক্সিঙৰ জৰিয়তে কেবাটাও জনপ্ৰিয় অসমীয়া গীতত বাদ্যযন্ত্ৰৰ সুৰ সংগত কৰিব পাৰে আশোতোষে ৷ সময় পালে আড্ডাস্থলীত ছাত্ৰজনৰ এই বিটবক্সিংৰ সাংগীতিক সুৰত কন্ঠদান কৰে নাজিৰাৰ উদিয়মান গায়ক ৰূপম ৰংময়ে ৷