ETV Bharat / state

শিৱসাগৰত ছজন শিশুৱে অনুষ্ঠিত কৰিলে এখন দুৰ্গা পূজা

শিৱসাগৰত দেখিবলৈ পোৱা গ’ল এখন ব্যতিক্ৰমী দুর্গা পূজা(Durga Puja) ৷ কণ কণ 6 টি শিশুৱে মাহজোৰা প্ৰস্তুতিৰে নিজ হাতেৰে প্ৰতিমা নিৰ্মাণ কৰি অনুষ্ঠিত কৰিছে মিনি পূজা(Mini Puja) ৷ শিশুকেইটিয়ে আয়োজন কৰা এই পূজাখনৰ বিষয়ে সবিশেষ জানো আহক...

mini puja in sivasagar
শিৱসাগৰৰ মিনি পূজা
author img

By

Published : Oct 15, 2021, 4:03 PM IST

শিৱসাগৰ, 15 অক্টোবৰ : শিৱসাগৰৰ এখন ক্ষুদ্ৰ পূজা(Mini Puja)ই দৃষ্টিআকৰ্ষণ কৰিছে ভক্তৰ । কণ কণ কেইটামান শিশুৰ এমাহৰ পৰিশ্ৰম আৰু চেষ্টাৰ অন্তত সম্পন্ন হৈছে এই পূজাখন । শিৱসাগৰৰ ভিন্ন অঞ্চলৰ পূজাৰ লগতে এই পূজাখন এইবাৰ হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷

শিৱসাগৰৰ মিনি পূজা

বহু লক্ষাধিক মূল্যৰ জাক-জমকতাৰে পূর্ণ পূজা মণ্ডপতকৈ বহু পৃথক এইখন পূজা ৷ কেইটিমান কণমানি শিশুৰ হাতৰ পৰশত মাটি, কাগজেৰে নিৰ্মিত এই মিনি পূজা থলীখন । শিৱসাগৰৰ যমুনাৰোডৰ নিৱাসী কেইটিমান শিশুৱে মাহ ধৰা প্ৰচেষ্টাৰে আয়োজন কৰিছে পোন প্ৰথমবাৰৰ বাবে এই দুৰ্গা পূজা(Durga Puja) ৷

কৰ’ণা ভাইৰাছ(Coronavirus)ৰ বাবে কণমানিহঁতৰ জীৱন স্থবিৰ হৈ পৰাত বন্ধ কোঠালিত আৱদ্ধ শৈশৱে শিশুসকলক বহু পৰিমাণে ডিজিটেল পৃথিৱীখনৰ কাষ চপাই লৈ গ’ল ৷ সমনীয়াৰ সতে আজৰি সময়ত ধূলি-বালি খেলাৰ বিপৰীতে ইন্টাৰনেটৰ পৃথিৱীত ভ্ৰমণ কৰিছে কণমানিসকলে । এনে পৰিস্থিতিৰ বিপৰীতে এইকেইটি শিশুৱে স্তব্ধ পৃথিৱীক এক গতি প্ৰদান কৰিবৰ বাবে মনস্থ কৰিলে এখন পূজাৰ ।

এখন অকণমানি মণ্ডপত দুর্গা মাৰ প্ৰতিমা স্থাপন কৰি প্ৰথম দিনাৰ পৰাই পুৱা গধূলি বিধিসন্মতভাৱে পূজা-অৰ্চনা কৰি আহিছে হলিনেইম স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ বৈভৱ দাস(13), দিচাং ধাই আলি হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ নয়নজ্যোতি দাস(12), হলিনেইম স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ নিজান হাজৰিকা(11), গ্ল’ধূলা ব্ৰাউন মেম’ৰিয়েল ইংলিছ স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী কৃত্তিকা দাস(8) , 1 নং টাউন প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ গৌৰৱ দাস(9) আৰু 23 নং আখৈফুটীয়া বালক বিদ্যালয়ৰ ছাত্ৰী নেকি দাসে(6) ।

হৃদয়ত থকা আস্থা আৰু ভক্তিৰ সুন্দৰ নিদৰ্শনৰ লগতে শিশুকেইটাৰ নিজ সৃষ্টিশীলতা ফুটি উঠিছে সৰু অথচ উদ্দেশ্যে আৰু মহৎ চিন্তাৰ পূজাখনে । শিশুকেইটাৰ আশা এয়ে যে, মা দুর্গাই শীঘ্ৰেই দেশৰ পৰা মহামাৰী নিৰ্মূল কৰি আকৌ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব মানৱ জীৱন ৷

লগতে পঢ়ক : বিজয়া দশমীৰ দিনাই ৰঙিয়াত পিষ্টল-ড্ৰাগছসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.