ETV Bharat / state

আমগুৰিত এটা নাহৰফুটুকীৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Nov 18, 2019, 10:56 PM IST

শিৱসাগৰৰ আমগুৰিত এটা মৃত নাহৰফুটুকী উদ্ধাৰ ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ

আমগুৰিত এটা নাহৰফুটুকীৰ ৰহস্যজনক মৃত্যু

আমগুৰি ১৮ নৱেম্বৰ: শিৱসাগৰ জিলাৰ আমগুৰি চাউদাং গাঁৱত এটা ৰহস্যজনকভাৱে মৃত অৱস্থাত এটা নাহৰফুটুকী উদ্ধাৰ । ঘটনা অনুসৰি গাঁও খনৰ চাউদাং হাবিত এজন ব্যক্তিয়ে বেতগছ আনিবলৈ যাওঁতে প্ৰকাণ্ড নাহৰফুটুকীটো প্ৰত্যক্ষ কৰে । ব্যক্তিজনে স্থানীয় লোকক হাবিত নাহৰফুটুকী বাঘ মৰি থকা বুলি অৱগত কৰাত বাঘ চাবলৈ বহু লোকৰ সমাগম হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত গৰু-ছাগলী ভক্ষণ কৰি সন্ত্ৰাস চলাই অহা নাহৰফুটুকী বাঘটো কি কাৰণত মৃত্যু হ'ল বৰ্তমানলৈ জানিব পৰা নাই । ইফালে বহু পলমকৈ ঘটনাস্থলীত আমগুৰি বন বিভাগ উপস্থিত হৈ বাঘটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে । বনবিভাগে জনোৱা মতে বাঘটোৰ বয়স প্ৰায় পোন্ধৰ বছৰ হ'ব । ইফালে মৃত বাঘটোৰ কাষত এটা মৃত গৰু পোৱালি পৰি থকা ঘটনাই বাঘটোৰ মৃত্যুৰ কাৰণ ৰহস্যজনক কৰি তুলিছে । আমগুৰি বন বিভাগে ইতিমধ্যে বাঘটো জ্বলাই পেলোৱাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্টৰ পিছতহে তদন্ত কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে । আনহাতে চাউদাং হাবিখনত বন বিভাগে বাঘৰ পোৱালিৰ খোজ প্ৰত্যক্ষ কৰা বুলি প্ৰকাশ কৰিছে ।

Intro:Body:আমগুৰিত ৰহস্যজনক অৱস্থাত মৃত নাহৰফুটুকী উদ্ধাৰ:
……………………………………………………………

আমগুৰি ১৮ নৱেম্বৰ: শিৱসাগৰ জিলাৰ আমগুৰি চাউদাং গাঁওত আজি পুৱা এটা মৃত নাহৰফুটুকী ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গাঁও খনৰ চাউদাং হাবিত এজন ব্যক্তিয়ে বেতগছ আনিবলৈ যাওঁতে প্ৰকাণ্ড নাহৰফুটুকীটো প্ৰত্যক্ষ কৰে। ব্যক্তিজনে স্থানীয় লোকক হাবিত নাহৰফুটুকী বাঘ মৰি থকা বুলি অৱগত কৰাত বাঘ চাবলৈ বহু লোকৰ সমাগম হয়।উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত গৰু-ছাগলী ভক্ষণ কৰি সন্ত্ৰাস চলাই অহা নাহৰফুটুকী বাঘটো কি কাৰণত মৃত্যু হ'ল জানিব পৰা নাই। ইফালে বহু পলমকৈ ঘটনাস্থলীত আমগুৰি বন বিভাগ উপস্থিত হৈ বাঘটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। বনবিভাগে জানিবলৈ দিয়া মতে বাঘটোৰ বয়স প্ৰায় পোন্ধৰ বছৰ হ'ব। ইফালে মৃত বাঘটোৰ কাষত এটা মৃত গৰু পোৱালি পৰি থকা লক্ষ্য কৰি বাঘটোৰ মৃত্যুৰ কাৰণ ৰহস্যজনক হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে। আমগুৰি
বন বিভাগে ইতিমধ্যে বাঘটো জ্বলাই পেলোৱাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্টৰ পিছতহে তদন্ত কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে। আনহাতে চাউদাং হাবিখনতে বন বিভাগে বাঘৰ পোৱালিৰ খোজ প্ৰত্যক্ষ কৰা বুলি প্ৰকাশ কৰিছে।

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.