ETV Bharat / state

ছাগলী পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে এটা সাংবাদিক দম্পতীয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 12:30 PM IST

Inspiring story : মন কৰিলেই চন বাকৰি মাটিতো ধন.... এক সাংবাদিক দম্পতীৰ অভিনৱ জীৱন সংগ্ৰাম ৷ ছাগলী পোহপাল দি অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে দম্পতীটোৱে ৷

Inspiring story
ছাগলী পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে এটা সাংবাদিক দম্পতীয়ে
ছাগলী পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে এটা সাংবাদিক দম্পতীয়ে

আমগুৰি, 1 জানুৱাৰী : আজি নৱবৰ্ষৰ প্ৰথমটো দিন ৷ নৱবৰ্ষৰ প্ৰথমটো পুৱাতেই আমি আপোনালোকক চিনাকি কৰাব বিচাৰিছো এটা দম্পতীৰ সৈতে ৷ গ্ৰামাঞ্চলত মহিলা শক্তিক পথ প্ৰদৰ্শকৰ ৰূপত অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা এক দম্পতী । চাকৰিমুখী নহৈ কৰ্মসংস্কৃতিৰ বুনিয়াদ গঢ়ি কৃষিকৰ্মৰ যোগেদি অৰ্থনৈতিক সংগ্ৰাম অব্যাহত ৰাখিছে এই শিক্ষিত দম্পতীটোৱে ৷ দম্পতীটোৱে স্বনিৰ্ভশীলতাৰ বাৰ্তাৰে দেখুৱাইছে জীৱন জীয়াই থকাৰ নতুন পথ ৷ এই দম্পতীটোৰ নাম বৰ্ণালী বৰুৱা আৰু মহেন্দ্ৰ দুৱৰা । শিৱসাগৰ জিলাৰ ঐতিহাসিক চাৰিং দুৱৰাপাৰত এই ঘৰ দম্পতীটোৰ ৷

দম্পতীটো পেছাত ছাগলী পালক । বছৰি 7 ৰ পৰা 8 লাখ ছাগলী বিক্ৰী কৰি আত্মনিৰ্ভৰশীল হৈছে দম্পতীটো । বৰ্তমান তেঁওলোকে ঘৰতে পালন কৰিছে এশৰো অধিক বিভিন্ন প্ৰজাতিৰ ছাগলী । ছাগলীবোৰক নিজ সন্তানৰ দৰে মৰম আৰু প্ৰতিপালন কৰে দুৱৰা দম্পতীয়ে । প্ৰতিটো প্ৰজাতিৰ ঘাই ছাগলীৰ বাবে আছে একোটাকৈ বিশেষ কোঠা । প্ৰতিটো ছাগলীৰ নামেৰে নামাকৰণ কৰিছে বিশেষ কোঠাসমূহক ।

সাংবাদিকতাৰ ক্ষেত্ৰত বহুকেইটা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা বৰ্ণালী বৰুৱা আছিল এগৰাকী প্ৰতিষ্ঠিত সাংবাদিক। নিউয়ৰ্কত সৰোজিনী নাইডু সাংবাদিকতা বঁটা লাভ কৰা বৰ্ণালী বৰুৱাই 2010 চনৰ পৰাই আগবঢ়াই আহিছিল সংবাদ সেৱা । আনহাতে মহেন্দ্ৰ দুৱৰাও 90 দশকত এখন প্ৰতিষ্ঠিত বাতৰি কাকতৰ স্থানীয় সংবাদকৰ্মী আছিল।

বৰ্তমান সাংবাদিকতাৰ পৰা আঁতৰি এইদৰে দহ বছৰৰো অধিক সময় ছাগলী পালনত ব্ৰতী হৈছে দম্পতীটো । নতুন প্ৰজন্মৰ বাবে আদৰ্শ একালৰ সাংবাদিক দম্পতীয়ে বৰ্তমানে ছাগলী পালনেৰে বুলিছে স্বাৱলম্বিতাৰ বাট । যি সময়ত শিক্ষিত যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি বিচাৰি সময় অতিবাহিত কৰিছে তেনে সময়তে এই দম্পতীটোৱে অন্য দহজনৰ কাৰণে আদৰ্শ হিচাপে নিজৰ পৰিচয় গঢ়ি তুলিছে ৷

লগতে পঢ়ক: পুৰণিক বিদায় দিয়াৰ বাবে সাজু মহানগৰবাসী; বজাৰত ভিৰ গ্ৰাহকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.