ETV Bharat / state

নাই অনাময় আঁচনি, নাই বিশুদ্ধ খোৱাপানীঃ তম্বুৰ তলত দুৰ্বিষহ জীৱন দৰিদ্ৰৰ - barahbari_panchayat

শিৱসাগৰ আমগুৰিত অনাময় আঁচনি, বিশুদ্ধ খোৱাপানী আৰু আৱাস গৃহ বিচাৰি হাহাকাৰ পৰিস্থিতি দৰিদ্ৰ জনতাৰ ৷

কোনে বুজিব দৰিদ্ৰৰ দুখ !
author img

By

Published : Jun 7, 2019, 2:48 PM IST

শিৱসাগৰ,7জুনঃ নাই অনাময় আঁচনি , নাই বিশুদ্ধ খোৱাপানী ব্যৱস্থা ,আনকি নাই এটা আৱাসগৃহও ৷ শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰাহীবাৰী পঞ্চায়তৰ অধীনৰ বাউলিপুখুৰীৰ বহু কেইটা পৰিয়ালৰ এতিয়া এনে দুৰৱস্থা ৷ আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰাহীবাৰী পঞ্চায়তৰ অধীনস্থ বাউলি পুখুৰীৰ কৈৱৰ্ত গাঁওৰ পাঁচ জন সদস্যৰে সৈতে পুতলী দাস নামৰ এটি পৰিয়ালে ত্ৰিপালেৰে এটা তম্বু তৰি থাকিবলগীয়া হৈছে ৷ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে বিধৱা পুতলী দাসে পঞ্চায়তত বহুবাৰ আবেদন কৰাৰ পিছতো লাভ নকৰিলে এটা আৱাসগৃহ । পঞ্চায়তত পৰিয়ালটিৰ হৈ স্থানীয় লোকেও এটি প্ৰধানমন্ত্ৰীৰ গ্ৰাম্য আৱাস যোজনা আঁচনিৰ অধীনত এটি চৰকাৰী ঘৰ দিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কাণসাৰ নিদিলে বিভাগীয় কৰ্তৃপক্ষই । ইফালে পঞ্চায়ত বিষয়ববীয়াই ঘৰ দিম বুলি মহিলা গৰাকীৰ পৰা যাৱতীয় নথি পত্ৰও লৈছিল । কেৱল পুতলী দাসৰে নহয় বৰাহীবাৰী পঞ্চায়তটোৰ এটাও চৰকাৰী গৃহ আৱন্টন নহ'ল । এই ক্ষেত্ৰত গুৰুত্ব নাই আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰো ৷

কোনে বুজিব দৰিদ্ৰৰ দুখ !

কেৱল ঘৰৰ দুৰৱস্থাই নহয় অঞ্চলটোৰ স্বচ্ছতাৰ দিশটোও তেনেই তথৈবচ ৷ লক্ষণীয়ভাৱে, অঞ্চলবাসীৰ নাই এটাও শৌচাগাৰ ৷ বৰাহীবাৰী বাউলীপুখুৰী কৈৱৰ্ত গাঁৱৰ শতাধিক পৰিয়ালে শৌচাগাৰৰ অভাৱত মুকলিতে মলত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ এই দুৰ্ভগীয়া পৰিয়ালকেইটাৰ ওপৰত কেতিয়াবা বিভাগ তথা চৰকাৰী কৰ্তৃপক্ষৰ সদয় দৃষ্টি পৰিবনে সেয়া এই সময়ত এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷

Intro:Body: Slug: A poor village story.
Samiran Duarah. Amguri
৭/৬/২০১৯
আমগুৰি ৭ জুন
A. V---আমগুৰিত উৰুখা পঁজাত বাস কৰিব লগা হৈছে দৰিদ্ৰ পৰিয়ালে:

ধোঁৱা চাংঙত উঠিছে বিজেপি চৰকাৰৰ উন্নয়ণৰ প্ৰতিশ্ৰুতি

অনাময় আঁচনি, বিশুদ্ধ খোৱাপানী, প্ৰধানমন্ত্ৰী আৱাস গৃহ বিচাৰি হাহাকাৰ পৰিস্থিতি
…………………………………………………………
V.O--জাতি - মাটি ভেঁটিৰ শ্লোগান দি শাসনৰ গাডী দখল কৰা বিজেপি চৰকাৰৰ কাৰ্যকালত দৰিদ্ৰ শ্ৰেণীটোৰ অৱস্থা দুখে-কুলাই পাচিৰে নধৰা হৈছে।

আচ্ছে দিন আ ৰহা হে' বুলি কোৱা শাসনাধিষ্ঠিত চৰকাৰৰ শাসনকালত ধোঁৱা চাংঙত উঠিছে উন্নয়ণৰ প্ৰতিশ্ৰুতি।

শিৱসাগৰ জিলাৰ আমগুৰিত উৰুখা পঁজাত বাস কৰিব লগা হৈছে বৰাহীবাৰী পঞ্চায়তৰ অধীনৰ বাউলিপুখুৰীৰৰ বহুকেইটা পৰিয়ালে। আমগুৰি উন্নয়ণ খণ্ডৰ অন্তৰ্গত বৰাহীবাৰী পঞ্চায়তৰ অধীনস্থ বাউলি পুখুৰীৰ কৈৱৰ্ত গাঁওৰ পাঁচ জন সদস্যৰে সৈতে পুতলী দাস নামৰ এটি পৰিয়ালে এজাক বৰষুণতে ত্ৰিপালেৰে এটা তম্বু তৰি থাকিব লগত পৰিছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে বিধবা পুতলি দাসে পঞ্চায়তত বহুবাৰ আবেদন কৰাৰ পিছতো লাভ নকৰিলে আৱাস গৃহ। পঞ্চায়তত পৰিয়ালটিৰ হৈ স্থানীয় লোকেও এটি প্ৰধানমন্ত্ৰীৰ গ্ৰাম্য আবাস যোজনা আঁচনিৰ অধীনত এটি চৰকাৰী ঘৰ দিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কাণসাৰ নিদিলে। পঞ্চায়ত বিষয়ববীয়াই চৰকাৰী আঁচনিৰ জৰিয়তে ঘৰ দিয়া হব বুলি কৈ মহিলা গৰাকীৰ পৰা যাবতীয় নথি পত্ৰও লৈছিল। কিন্তু আজি পৰ্যন্ত পুতলী দাসৰ ঘৰটো বাদেই বৰাহী বাৰী পঞ্চায়ত এটাও চৰকাৰী গৃহ অৱন্তন নহ'ল। চৰকাৰক উক্ত পুতলী দাসৰ ঘৰটোৰ সম্পৰ্কে চৰকাৰক দৃষ্টি আকৰ্ষণ কৰা হৈছিল যদিও জাতি-মাটি ভেঁটিৰ শ্লোগান দিয়া চৰকাৰ খনৰ দৃষ্টি আকৰ্ষণ নহ'ল।বৰ্তমানৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰো পৰিয়ালটোত দৃষ্টি নপৰিল।পেটে ভাতে খাই থকা পৰিয়ালটোৱে এতিয়া উৰুখা পঁজাত বাস কৰি পঞ্চায়ত প্ৰতিনিধি আৰু বিধায়কলৈ অপেক্ষা কৰি আছে কেতিয়াকৈ তেওঁৰ বাবে এটি চৰকাৰী ঘৰ আৱন্তন হ'ব।

আনহাতে উন্নয়ণ আৰু স্বচ্ছ ভাৰতৰ শ্লগান আওৰোৱা এইখন চৰকাৰৰ অনাময় আঁচনিৰ শৌচাগাৰ দেখিলে চকু কপালত উঠিব। ফাইবাৰৰ লেটিনবিলাক এজাক বতাহতে ভাঙি উৰুৱাই নিলে। ফলত বৰাহীবাৰী বাউলীপুখুৰী কৈৱৰ্ত গাঁওৰ শতাধিক পৰিয়ালে শৌচাগাৰৰ অভাৱত মুকলিতে মলত্যাগ কৰিব লগা হয়।

আনহাতে বৃক্ষৰোপন আঁচনিটো ব্যাপক বিসংগতিয়ে দেখা দিয়া পঞ্চায়তখনত কোনো এখন আচনিয়ে সঠিক কাৰ্যৰূপায়ণ নহ'ল।

যি সময়ত বিজেপি চৰকাৰখনে সৰ্বসাধাৰণৰ কাষ চপাৰ বাবে মন কি বাত অনুষ্ঠান কৰি আহিছে তেনে সময়তে আমগুৰিৰ এইখন গাঁওৰ সমস্যা মন কি বাত অনুষ্ঠানত ঠাই পাবনে?

বাইট : ভুক্তভোগী পৰিয়াল ।

আমগুৰিৰপৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসম।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.