আমগুৰি, ২৭ নৱেম্বৰ: এক কৰুণ ঘটনাই শোকৰ ছাঁ পেলাইছে শিৱসাগৰৰ গৌৰীসাগৰত । খনামুখত পথৰ কাম কৰি থকা অৱস্থাতে প্ৰাণ হেৰুৱাবলগীয়া হয় এজন যুৱকে । গৌৰীসাগৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাতীঘূলি-খনামুখ সংযোগী পথটোৰ কাম চলি আছিল । খনামুখ-খৰখৰী জান দলঙৰ সমীপত পথ নিৰ্মাণ কাৰ্যত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল ৰূপম গগৈ নামৰ এজন ২০ বছৰীয়া যুৱক । কাম কৰি থকা অৱস্থাতে দুৰ্ভাগ্যবশতঃ আলকতৰা গৰম কৰা মেচিনত সোমাই যায় ৰূপম গগৈ নামৰ যুৱকজন আৰু মৃত্যুক আকোঁৱালি ল'বলগীয়া হয় । মৃত যুৱকজনৰ ঘৰ নামতিৰ বামুণপুখুৰীত বুলি জানিব পৰা গৈছে ।
ৰূপমৰ মৃত্যুৰ পিছতে বামুণপুখুৰীস্থিত বাসগৃহত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে । আনহাতে, কাম কৰি থাকোঁতে কেনেকৈ আলকতৰা গলাই থকা যন্ত্ৰত সোমালগৈ সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । আনহাতে পথ নিৰ্মাণৰ দায়িত্বত থকা কৰ্মচাৰীৰ অসাৱধানতাৰ বাবেই কৰুণ ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । গৌৰীসাগৰ আৰক্ষীয়ে মৃত যুৱকজনক উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তহে সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহিব ।
লগতে পঢ়ক:একেটা মন্দিৰতেই দুবাৰকৈ চোৰে লুটিলে সামগ্ৰী