শিৱসাগৰ, ২৩ নৱেম্বৰ : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰসিদ্ধ কথা শিল্পী, পদ্মশ্ৰী ইমৰান শ্বাহৰ আজি ৯১ সংখ্যক ওপজা দিন । ৰংপুৰৰ বিভিন্ন মহলে স্বল্পভাষী সাহিত্যিকগৰাকীৰ জন্মদিন উদযাপনৰ বাবে বহু পৰিকল্পনা কৰা পৰিলক্ষিত হৈছে ৷ 'বনবাসী'ৰ পৰা 'লিহিৰীবন'লৈ এক দীঘলীয়া সাহিত্য সৃষ্টিৰ পৰিক্ৰমা অতিক্ৰম কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম উপত্যকা বঁটা, আজানপীৰ বঁটাপ্ৰাপক, কথা সাহিত্যিক, পদ্মশ্ৰী ইমৰান শ্বাহৰ ওপজা দিনটোত আজি শিৱসাগৰ জিলা সাহিত্য সভাই অনুষ্ঠিত কৰিব বিশেষ অনুষ্ঠান ।
উল্লেখ্য যে, ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰ নগৰৰ ধাই আলিত জন্মলাভ কৰা অসমীয়া ভাষা-সাহিত্যৰ অন্যতম পুৰোধা ইমৰান শ্বাহে নব্বৈৰ দেওনা পাৰ কৰি ৯১ বছৰত ভৰি দিও যেন চিৰ তৰুণ । মুখত মিচিকিয়া হাঁহি, পিন্ধনত বগা পাইজামা-বনিয়ন, হাতত কোৰ-খন্তি লৈ এইজন চিৰ তৰুণ আজিও ব্যস্ত হৈ পৰে বাৰীৰ ফুল-পাচলিৰ আপডাল কৰাত । এইগৰাকী চিৰ তৰণ সাধকে এতিয়াও হাতত কলম লৈ নিয়মীয়াকৈ বহে সৃষ্টিৰ সাধনাত ।
অশীতিপৰ ইমৰান শ্বাহে নতুনৰ সন্ধান কৰে ইণ্টাৰনেটৰ মাধ্যমত । ইণ্টাৰনেটৰ বিশাল বুকুত সন্ধান কৰে নতুন নতুন গ্ৰন্থৰ । আনহাতে, এইগৰাকী সাহিত্যিকে পৰিকল্পিতভাৱে বাস্তৱ ৰূপ দিবলৈ গৈ আছে নতুন সৃষ্টিৰ । আজি পৰ্যন্তলৈকে নিৰলসভাৱে সাহিত্যৰ কৰ্মত নিজকে নিয়োজিত কৰি অহা ইমৰান শ্বাহে অসমীয়া পাঠকৰ হাতত তুলি দিছে ইখনৰ পিচত সিখন একাধিক নতুন গ্ৰন্থ ।
আজি ওপজা দিনটোতে শিৱসাগৰ জিলা সাহিত্য সভাই বিয়লি ১.৩০ বজাৰ পৰা পদ্মশ্ৰী ইমৰান শ্বাহৰ বাসগৃহৰ চৌহদত বৰ্ণাঢ্য কাৰ্যসূচীৰে "ওপজা দিনৰ ওলগ" অনুষ্ঠানটি আয়োজন কৰিছে । এই অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।
ঈশান দত্ত, বাবুল, অনামিকা বৰুৱা, অমিতাভ বৰুৱা আদি বিভিন্ন ছদ্মনামত গল্প, কবিতা, উপন্যাস, গীত, প্ৰৱন্ধ আদি ৰচনা কৰা সাহিত্যিকগৰাকীয়ে সাহিত্য ক্ষেত্ৰত দীঘলীয়া পৰিক্ৰমা পাৰ কৰিও স্থৱিৰ হৈ পৰা নাই । সংগীতৰ সিপাৰে, জোনাকৰ ছবি, তানচেন, অনমিতা, ক্ৰান্তিৰেখা, সাগৰিকা, জৱানবন্দী, বন্ধ দুৱাৰ, ক্ৰীতদাসৰ হাঁহি, মোৰ ফুলনিৰ ফুল, সৃষ্টি-দৃষ্টি, কুকুহা, দোকমোকালিৰ দৰে বহু কেইখন গ্ৰন্থই প্ৰাণ পাইছে সাহিত্যিক গৰাকীৰ পৰিপুষ্ট চিন্তাত ।
ওপজা দিনতো মৃদুভাষী সৃষ্টিৰ সাধক জনৰ নাই কোনো পৰিকল্পনা । ৰাইজৰ মৰমকে সৃষ্টিৰ সমল কৰি লৈ নিৰলে আগবাঢ়িছে এইগৰাকী কথা সাহিত্যিক । নৱম শ্ৰেণীত পঢ়ি থাকোতেই 'বনবাসী'ৰ দৰে গ্ৰন্থ ৰচনা কৰা ইমৰান শ্বাহৰ মতে ''আজিৰ দিনত অসমীয়া সাহিত্যৰ ভাল অৱস্থা । আজিৰ সাহিত্য ক্ষেত্ৰ নতুন নতুন সাহিত্যিকেৰে ভৰপূৰ । তেওঁ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনায় কয়, ‘‘সমাজ বা জীৱনৰ সকলো দিশ সলনি হৈছে । নতুন প্ৰজন্মই নতুন দিনৰ লগত খাপ খাই চলিব লাগিব আৰু তাৰ বাবে প্ৰস্তুত হৈ কাম কৰি যাব লাগিব’’ ।
সম্প্ৰতি নতুন সৃষ্টিৰ বিপৰীতে পদ্মশ্ৰী ইমৰান শ্বাহ ব্যস্ত অনুবাদ কৰ্মত । সাহিত্যিকগৰাকীয়ে নিয়মীয়াকৈ অনুবাদ কৰি গৈছে দেশী বিদেশী বিখ্যাত গল্পকাৰৰ গল্প । জীৱনৰ সাতটা দশকৰো অধিক সময় কেৱল সৃষ্টিৰ সাধনাত নিজকে নিয়োজিত কৰি অহা ইমৰান শ্বাহে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
তেওঁ কয় যে ত্ৰিশ বছৰৰ আগত শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাচত সেই পৰিৱেশৰ সৈতে জড়িত হৈ থকা নাই । কিন্তু বিভিন্ন গুণী-জ্ঞানী লোকে এই ব্যৱস্থাত কৰ্মৰত হৈ নতুন নতুন পৰিকল্পনা হাতত লৈছে যেতিয়া নিশ্চয়কৈ ভাল ফলাফল লাভ কৰা যাব ।
আনহাতে প্ৰায় এটা দশকৰ পৰা মৌলিক সাহিত্য সৃষ্টিত হাত দিয়া নাই যদিও লিখাৰ আগ্ৰহৰ বাবে এতিয়াও চৰ্চা চলাই আছে বুলি স্বনামধন্য সাহিত্যিকগৰাকীয়ে মন্তব্য কৰে ।
লগতে পঢ়ক : ইন্দিৰা গান্ধীৰ জন্মদিনত বিশ্বকাপৰ ফাইনেল হোৱা বাবে ভাৰত হাৰিল; তেলেংগানাত হিমন্ত বিশ্ব শৰ্মা