ETV Bharat / state

Republic Day 2023 : মহেন্দ্ৰ হাজৰিকাক গণশিল্পী আৰু প্ৰণৱজিৎ চলিহাক সিংহ পুৰুষ উপাধি প্ৰদান - মহেন্দ্ৰ হাজৰিকাক গণশিল্পী

শিৱসাগৰত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ দ্বাৰা উদযাপন কৰা হয় 74 স‍ংখ্যক গণৰাজ্য দিৱস (74 th Republic Day celebration in Sibvsagar) । এই দিৱসৰ কাৰ্যসূচীতেই শিল্পী মহেন্দ্ৰ হাজৰিকাক ‘‘গণশিল্পী’’ উপাধি (Gana silpi title to Singer Mahendra Hazarika) আৰু অসম আন্দোলনৰ অন্যতম নেতা প্ৰণৱজিৎ চলিহা ওৰফে ৰমুক ‘‘সিংহ পুৰুষ’’ উপাধি প্ৰদান কৰা হয় (Singha purush title to Pranabjit Chaliha) ৷

Republic Day 2023
শিৱসাগৰত উদযাপন 74 স‍ংখ্যক গণৰাজ্য দিৱস
author img

By

Published : Jan 26, 2023, 3:57 PM IST

শিৱসাগৰত উদযাপন 74 স‍ংখ্যক গণৰাজ্য দিৱস

শিৱসাগৰ, 26 জানুৱাৰী : আজি 26 জানুৱাৰী, গণৰাজ্য দিৱস (Republic Day 2023) ৷ 1950 চনৰ আজিৰ দিনটোতে বিশ্বৰ ভিতৰত বৃহত্তম আৰু লিখিত সংবিধানখন কাৰ্যকৰী কৰা হৈছিল ৷ সেই সময়ত ড৹ ভীম ৰাও আম্বেদকাৰ আছিল সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ ৷

অৱশ্যে 1947 চনৰ 15 আগষ্টত দেশ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ তিনি বছৰ পিচতহে অৰ্থাৎ 1950 চনত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল (First Republic Day was celebrated on January 26, 1950) । তেতিয়াৰে পৰাই আজিৰ এই বিশেষ দিনটোক গণৰাজ্য অথবা গণতন্ত্ৰ দিৱস হিচাবে সমগ্ৰ দেশবাসীয়ে উদযাপন কৰি আহিছে ৷

দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানতো ৰাজ্যবাসীয়ে উদযাপন কৰিছে দেশৰ 74 সংখ্যক গণৰাজ্য দিৱস (74 th Republic Day in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ শিৱসাগৰতো উজনি অসম মুছলিম কল্যাণ পৰিষদৰ দ্বাৰা আজি উদযাপন কৰা হয় 74 স‍ংখ্যক গণৰাজ্য দিৱস (74 th Republic Day celebration in Sibvsagar) ।

এই দিৱস উপলক্ষে উজনি অসম মুছলিম কল্যাণ পৰিষদে বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকাক ‘‘গণশিল্পী উপাধি’’ (Gana silpi title to Singer Mahendra Hazarika) আৰু অসম আন্দোলনৰ অন্যতম নেতা প্ৰণৱজিৎ চলিহা ওৰফে ৰমুক সিংহ পুৰুষ উপাধিৰে (Singha purush title to Pranabjit Chaliha) বিভূষিত কৰা হয় ৷ এই সন্মান গ্ৰহণ কৰি স্বাভাৱিকতে আৱেগিক হৈ পৰে দুয়োদৰাকী বিশিষ্ট ব্যক্তি ৷

এই অনুষ্ঠানতে শিল্পী মহেন্দ্ৰ হাজৰিকাই পুৰণি স্মৃতি ৰোমন্থন কৰাৰ লগতে আওৰাই তেখেতৰ কেবাটাও গীতৰ কলি । আনকি নতুন প্ৰজন্মক দেশৰ হকে, জাতিৰ হকে আগুৱাই যোৱাৰ পৰামৰ্শ আগবঢ়াই দুয়োগৰাকী বঁটা প্ৰাপকে ।

আজিৰ এই বিশেষ দিনটোত অতীতক সোঁৱৰণ কৰি আগশাৰীৰ জাতীয়তাবাদী নেতা প্ৰণজিৎ চলিহাই সকলোকে জাতি আৰু ৰাজ্যৰ হৈ সজাগ আৰু সৰৱ হ’বলৈ আহবান জনায় ৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘উজনি অসম মুছলিম কল্যাণ পৰিষদে দিয়া এই বঁটাৰ বাবে মই যোগ্য নহয় ৷ এই বঁটা আগবঢ়োৱাৰ বাবে আয়োজকলৈ ধন্যবাদ ৷ এতিয়া মই প্ৰকৃতৰ্থত সিংহ পুৰুষ হৈ দেখুৱাম’’ ৷

উল্লেখ্য যে, গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ অংশ স্বৰূপে গুৱাহাটীক কেন্দ্ৰীয়ভাৱে উগযাপন কৰা হয় গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেনেদৰে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপিত এই দিৱসৰ পতাকা উত্তোলন কৰে বৰপেটাৰ জিলা উপায়ুক্ত আয়ুস গৰ্গে (DC Of Barpeta district) ৷

লগতে পঢ়ক : 74 th Republic Day in Assam: বৰপেটাত আয়োজিত গণৰাজ্য দিৱসত আকৰ্ষণীয় প্ৰতীক পট প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.