আমগুৰি, ১৭ জানুৱাৰী: আহোমৰ ৬০০ বছৰীয়া ৰাজত্বৰ অসমৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ সাঁকো । ঐতিহ্যক খামুচি ধৰি নিৰৱে উচুপি থকা সাঁকোডাল সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দায়বদ্ধ নহয় ৰাজ্যৰ পুৰাতত্ত্ব বিভাগ। আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত ১৭০৩ চনত বংগদেশৰ কাৰিকৰৰ হতুৱাই নিৰ্মাণ কৰিছিল শিৱসাগৰৰ ঐতিহাসিক নামদাং শিলাসাঁকো (Namdang Stone Bridge) ।
শিৱসাগৰৰ গৌৰীসাগৰত নামদাং নদীৰ ওপৰত স্থলপথ আৰু জলপথ উভয়তে সুবিধা হোৱাকৈ যাতায়াত ব্যৱস্থা উন্নত হোৱাকৈ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালতে আটকধুনীয়াকৈ নিৰ্মাণ কৰিছিল নামদাং শিল সাঁকোখন । নামদাং নদীৰৰ ওপৰত অৱস্থিত বাবে এই ঐতিহাসিক শিলৰ সাঁকোখনক নামদাং শিলৰ সাঁকো বুলি কোৱা হয় (Historical Namdang Hila Haku) ।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰা নামদাং শিলৰ সাঁকো আহোম যুগত নিৰ্মিত শিলৰ সাঁকোসমূহৰ ভিতৰত নামদাং শিলৰ সাঁকোখনেই দীঘল আৰু বহল । দলংখন ৬০ মিটাৰ দীঘল, ৬.৫ মিটাৰ বহল আৰু ১.৭ মিটাৰ ওখ আৰু ৫.৫ ফুট ডাঠ । নামদাং শিলৰ সাঁকোত আছে ৫ টা সুৰংগ (600 year old Namdang Stone Bridge)।
আকৃতিৰ ফালৰ পৰা সাঁকোখন ধেনুভিৰীয়া আৰু প্ৰাচীন কালৰ বহুতো ভাস্কৰ্য্য আছে (Namdang Stone Bridge in Assam) । ইয়াৰ প্ৰধান বিশেষত্ব হ’ল– সাঁকোখন এটা মাথো শিলকেই কাটি কাটি তৈয়াৰ কৰা হৈছিল । সাঁকোখন নিৰ্মাণত বৰা চাউল, হাঁহৰ কণী, আদি ব্যৱহাৰ কৰা হৈছিল ৷ আহোম ৰাজত্বকালত নিৰ্মাণ কৰা বিভিন্ন স্থাপত্য-ভাস্কৰ্য্যৰ ভিতৰত এই সাঁকো অন্যতম । আহোম ৰজা ৰুদ্ৰ সিংহৰ ৰাজত্ব কালত বংগৰ পৰা অনা কাৰিকৰৰ দ্বাৰা সাঁকোখন নিৰ্মান কৰা হৈছিল ।
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰা সাঁকোখন যোৱা ৩২০ বছৰ ধৰি অসমক দেশৰ অন্য প্ৰান্তৰ সৈতে সংযোগ কৰাত এক বিশেষ ভূমিকা লৈ আহিছে । আহোম ৰাজশাসনৰ পৰাই যোগাযোগ মাধ্যমত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা এই সাঁকোখনৰ ওপৰেদি শিৱসাগৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নামদাং অঞ্চলত উজনি–নামনিৰ মাজত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আছে ৷
কিন্তু বিগত কেইবছৰ ধৰি সাঁকোখনৰ অৱস্থা কিছু বেয়ালৈ গতি কৰিছে ৷ উজনি আৰু নামনি অসমক সংযোগ কৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত নামদাং শিলৰ সাঁকো গধুৰ যান–বাহনৰ প্ৰচণ্ড খুন্দাত ফাট মেলাৰ লগতে গাত থকা মূৰ্তিসমূহ ভাঙি–ছিঙি উৱলি গৈছে ৷ ইয়াৰ উপৰি বছৰি দিখৌৰ পলসত সাঁকোখন আধা অংশলৈকে পোত গৈছে (Namdang Stone Bridge is on the verge of collapse) ৷
স্মর্তব্য যে সৰ্বশ্ৰেষ্ঠ আহোম ৰজা হিচাপে বিবেচিত স্বর্গদেউ ৰুদ্ৰসিংহৰ (Swargadeo rudra singha) ৰাজ্য বিস্তাৰৰ আঁচনিৰ ফচলস্বৰূপে সেই সময়ৰ বংগ দেশৰ শিল্পীয়ে মাত্ৰ এটা শিলেৰে ধেনুভিৰীয়াকৈ নিৰ্মাণ কৰিছিল । আশ্চর্যকৰ সাঁকোখনে আহোম সৈন্যৰ পৰা ব্ৰিটিছ সৈন্যলৈকে আৰু আজিও যান্ত্ৰিক যুগৰ প্ৰতিটো যন্ত্ৰকেই বহন কৰি আহিছে ৷ কিন্তু অতি দুখৰ বিষয় যে আজিও সাঁকোৰ প্ৰকৃত সংৰক্ষণ নহ’ল ৷
প্ৰযুক্তিবিদ্যা আৰু যন্ত্ৰৰ সীমিত সুবিধাৰ মাজতো সেই সময়ত স্বর্গদেউ ৰুদ্ৰসিংহই নির্মাণ কৰা শিলৰ সাঁকো বর্তমান অস্তিত্বৰ সংকটত ৷ আধুনিক যুগৰ প্ৰযুক্তিবিদ্যা, যন্ত্ৰ, আধুনিক যুগৰ চৰকাৰ, প্ৰশাসনৰ বিভাগীয় কর্তৃপক্ষ থকাৰ পাছতো এই আপুৰুগীয়া সম্পদটোৱে বাৰে বাৰে নিজৰ অস্তিত্বৰ বাবে যুঁজ দিবলগীয়া হৈছে ৷
প্ৰতিদিনে হাজাৰ হাজাৰ লঘু–গুৰু বাহনৰ বোজা বহন কৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত নামদাং শিলৰ সাঁকোৰ অস্তিত্বক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন হোৱাৰ পাছতো চৰকাৰে পৌৰাণিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ দায়িত্ব প্ৰদান কৰা পুৰাতত্ত্ব বিভাগৰ হেমাহিৰ বাবেই দিনক দিনে নামদাঙৰ শিলৰ সাঁকোৰ বহন ক্ষমতা কমি আহিছে ৷ আনহাতে সাঁকোখনৰ অংশটো শীঘ্ৰেই মেৰামতি নহ’লে সদৌ টাই আহোম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিছে ।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু পুৰাতত্ব বিভাগৰ অৰিয়াঅৰি আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পুৰাতত্ব বিভাগক শিলৰ সাকোখন সংৰক্ষণৰ বাবে হস্তান্তৰ নকৰাৰ বাবেই ঐতিহাসিক সাঁকোখন ধ্বংসৰ গৰাহলৈ গতি কৰিছে । এই ঐতিহাসিক শিলৰ সাকোখনৰ ৰক্ষাৰ্থে পৰৱৰ্তী সময়ত বিভাগটোৱে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷
লগতে পঢ়ক: Illegal hunting of migratory birds : বৰছলা বিলত আৰম্ভ পক্ষী নিধন যজ্ঞ