নাজিৰা, 15 আগষ্ট: সমগ্ৰ দেশৰ নাগৰিকে শনিবাৰৰ দিনটোত পালন কৰিলে স্বাধীনতা দিৱস ৷ কিন্তু স্বাধীনতা দিৱসৰ দিনটোতে এক বিপৰীতধৰ্মী ছবি দেখিবলৈ পোৱা গ'ল শিৱসাগৰ জিলাৰ নাজিৰাত ৷ 74 সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে পুৱাই অনশনত বহিল নাজিৰা মহকুমা ছাত্ৰ সন্থা ৷ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত স্বাধীনতা দিৱসত পুৱা 6 বজাৰ পৰা নাজিৰা নাট্যমন্দিৰৰ সন্মুখত 10 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰিলে ছাত্ৰ সংগঠনটোৱে ৷ জাতিধ্বংসী অভিহিত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে ছাত্ৰ সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
স্বাধীনতা দিসৱৰ দিনাই ছাত্ৰ সংগঠনটোৱে আমৰণ অনশনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাটো চৰকাৰৰ বাবে অতি লজ্জাজনক বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷ গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজেহে নিৰ্বাচন কৰে একো একো গৰাকী মন্ত্ৰী তথা জন প্ৰতিমনিধিক ৷ তেনে ক্ষেত্ৰত মন্ত্ৰী তথা জন প্ৰতিনিধি সকল নিজ কৰ্তব্যৰ পৰা ফালৰি কাটি গৈছে বুলিও সংবাদ মাধ্যমযোগে মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷ চৰকাৰে কেৱল ৰাজনীতিহে কৰিছে, যাৰ বাবে তেওঁলোকে অসম চুক্তি ৰূপায়ন কৰি অসমৰ পৰা বিদেশী বহিস্কাৰ কৰাৰ সলনি CAA খন চৰকাৰে গৃহীত কৰিলে বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰনেতা সকলে ৷ ইয়াৰ বাবে জাতিটোলৈ সংশয় আহি পৰিছে বুলি অভিযোগ কৰাৰ লগতে CAA খন বাতিল নকৰা পৰ্যন্ত ছাত্ৰ সংগঠনটো কেতিয়াও হাত সাৱটি বহি নাথাকে বুলি চৰকাৰক সকিয়নী প্ৰদান কৰে ৷
লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান 50 গৰাকীৰ কৰ’ণা যুদ্ধাৰ