নলবাৰী,২৬ জুন: বছৰটোৰ প্ৰথমটো বানত হাহাকাৰময় পৰস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত । নামনি অসমত বানে লৈছে ভয়ংকৰ ৰূপ । নলবাৰী, বৰপেটা আদি বিভিন্ন অঞ্চলত বানে সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয় । পিছে বান আহিল আৰু বান গ'ল । কিন্ত, এতিয়াও দুখ আঁতৰা নাই বন্যাৰ্তৰ । বাৰিষাৰ বলীয়া বানে তচনচ কৰি থৈ গ'ল নলবাৰী জিলা । জিলাখনৰ সাতটাকৈ ৰাজহ চক্ৰৰ ২০০ টাকৈ পৰিয়াল বানত আক্ৰান্ত হয় ।
সাতটাকৈ ৰাজহ চক্ৰৰ ২০০ টা পৰিয়ালক বানে ধোৱাৰ পিছত এতিয়া দেখা গৈছে এক অস্বাভাৱিক পৰিৱেশ । পানী শুকাল যদিও দুখ দুৰ্দশা আঁতৰা নাই জিলাখনৰ পশ্চিম নলবাৰী, টিহু, বৰভাগত । কোনো স্থানত যদি পানীৰ সোঁতে উটুৱাই লৈ বাসগৃহ । আন কোনোস্থানত আকৌ বানে পুতি থৈ গ'ল চোতাল ঘৰ । বালি-বোকাই পুতি থৈ গ'ল পশ্চিম নলবাৰীৰ খেতিপথাৰ । মৰাপাগলাদিয়া, বুঢ়াদিয়াৰ মথাউৰি চিগি প্লাৱিত কৰিছিল বৃহত্তৰ পশ্চিম নলবাৰীৰ বিস্তীৰ্ণ অঞ্চলৰ লগতে টিহুৰ ভিন্ন অঞ্চল ।
আনহাতে পাগলাদিয়া আৰু বৰলীয়া নৈৰ বাঢ়নী পানীত আজিও ডুবি আছে বৰভাগৰ বিস্তীৰ্ণ অঞ্চল । বৰভাগৰ শিমলুৱা ৰাইটকুছি, ৰাইমাধা আদি অঞ্চলৰ লোক এতিয়াও আশ্ৰয় শিবিৰতেই থাকিব লগীয়া হৈছে । বলিয়া বানে পশ্চিম নলবাৰীৰ কৈঠালকুছি, নাকেৰবাৰী, আমনি, সাহপুৰ, চামতা আদিকে ধৰি টিহুৰ বালি অঞ্চলত চলাইছিল ত্ৰাস । ইফালে বানে ছিগি থৈ গ'ল নলবাৰী- কৈঠালকুছি-টিহু সংযোগী পথ । কৈঠালকুছিত পথচোৱা ছিগি যোৱাৰ ফলত টিহু হৈ বহু দূৰ বাটেৰে ঘূৰি যাব লগা হৈছে যাত্ৰীসকল । পথচোৱা ছিগাৰ ফলত স্থানীয় লোকে এখন বাহৰ সাঁকোৰে পথচোৱা পাৰ হ'বলগীয়া হৈছে । এতিয়া, চৰকাৰে যাতে উপযুক্ত সাহায্য প্ৰদান কৰাৰ উপৰিও পৰিয়ালসমূহলৈ এক স্বাভাৱিক পৰিৱেশৰ সূচনা কৰি তোলে তাৰেই আহ্বান জনাই বানত ক্ষতিগ্ৰস্ত ৰাইজে ।
লগতে পঢ়ক: Nearly five crore scheme collapsed in Nalbari:নলবাৰীৰ লাৰকুছিত খহি পৰিল কোটি টকীয়া আঁচনিৰ বৃহৎ অংশ