নলবাৰী, 16 নৱেম্বৰঃ নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সভাত উত্তপ্ত পৰিস্থিতি । সভা অনুষ্ঠিত হৈ থকা অৱস্থাতে মন্ত্ৰীগৰাকীৰ সন্মুখতে এগৰাকী মহিলাই উজাৰিলে ক্ষোভ ৷ চৰকাৰী বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি মন্ত্ৰীগৰাকীৰ সন্মুখত ক্ষোভ ব্যক্ত কৰে মহিলাগৰাকীয়ে ৷ সমষ্টিটোত বিভিন্ন আঁচনিত দালালৰাজ চলাৰো অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে ৷
উল্লেখ্য যে, সোমবাৰে গৃহ সমষ্টি ধৰ্মপুৰৰ বেলশৰৰ এক সভাত উপস্থিত হৈছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ সভাত ভাষণ প্ৰদান কৰি থকা সময়তেই সংঘটিত হয় এই ঘটনাটো ৷ আনহাতে, এই ঘটনাৰ দৃশ্য সংগ্ৰহ কৰি থকা অৱস্থাত সাংবাদিকক কেমেৰা বন্ধ কৰিবলৈ ভাবুকি প্ৰদান কৰে একাংশ লোকে ৷
লগতে পঢ়ক-বাণিজ্যিক ভিত্তিত জেমছ ষ্টোনৰ পৰীক্ষণ আৰম্ভ কৰিলে জি এছ আইয়ে