নলবাৰী,১৬ মাৰ্চ : ভুৱা বাতৰি পৰিৱেশন কৰাৰ অভিযোগ নলবাৰীৰ মুকালমুৱাস্থিত এটা বেৱ প’ৰ্টেলৰ বিৰুদ্ধে (Web portal accused of extortion) ৷ অভিযোগ অনুসৰি, নাৰায়ণপুৰ গাঁৱৰ ৰফিকুল হুছেইন নামৰ লোকজনে নকল টকা প্ৰস্তুত কৰা বুলি দাবী কৰি সেই বাতৰি সম্পাদনা কৰি মুকালমুৱাৰ পৰা নিয়ন্ত্ৰণ কৰা বেৱ প’ৰ্টেলটোৱে সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ভাবুকি প্ৰদান কৰিছিল ৰফিকুল হুছেইনক ৷
লগতে মুকালমুৱাৰ পৰা নিয়ন্ত্ৰণ হোৱা সেই বেৱ প’ৰ্টেলটোৱে দাবী কৰে যে, যদিহে সেই নিদ্দিষ্ট বাতৰিটো সম্প্ৰচাৰ কৰিব নালাগে, তেন্তে বেৱ প’ৰ্টেলটোক দিব লাগিব 50 হাজাৰ টকা ৷ এই প’ৰ্টেলটোৱে কিছু দিনৰ পৰা 6901491418 নম্বৰৰ দ্বাৰা WhatsApp ত ফোন আৰু SMS যোগে ধন দাবী কৰি আহিছিল ৰফিকুল হুছেইনক ৷ এই অভিযোগ উত্থাপন কৰে ৰফিকুল হুছেইনে ৷
অৱশ্যে ইটিভি ভাৰত, অসমৰ হাতত আহি পৰিছে প’ৰ্টেলটোৱে ৰফিকুল হুছেইনক WhatsApp ত ফোন আৰু SMS কৰাৰ সম্পূৰ্ণ তথ্য ৷
লগতে ৰফিকুল হুছেইনে উল্লেখ কৰে যে, দাবী কৰা ধন নিদিয়াত ৱেব পৰ্টেলটোৱে এটা ভিত্তিহীন বাতৰি সম্পাদন কৰিছে ৰফিকুলৰ বিৰুদ্ধে । যাৰ বাবে উপায়ন্তৰ হৈ ৰফিকুল হুছেইনে বুধবাৰে কাষ চাপে মুকালমুৱা আৰক্ষীৰ ৷ এই সন্দৰ্ভত অভিযোগকাৰী ৰফিকুলে মুকালমুৱা আৰক্ষীক লিখিত ৰূপত ব্যক্ত কৰে সমগ্ৰ ঘটনা ৷ লগতে নলবাৰীৰ মুকালমুৱাৰ সেই নিৰ্দিষ্ট বেৱ প’ৰ্টেলটোৰ বিৰুদ্ধে দাখিল কৰে এক এজাহাৰো ৷
অৱশ্যে সমগ্ৰ ঘটনাটো বৰ্তমানো ৰহস্যৰ আৱৰ্তত ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব কোন সঁচা, কোন মিছা ।
লগতে পঢ়ক : জোনাইৰ মুৰ্কংচেলেক ৰে'ল ষ্টেচনত নৃশংস হত্যাকাণ্ড