নলবাৰী, 26 অক্টোবৰ: ধৰ্মপুৰ সমষ্টিৰ প্ৰবীন বিজেপি নেতা আব্দুল চুভানৰ শেষ নিশ্বাস ত্যাগ ৷ সোমবাৰে দুপৰীয়া এক শোকাকুল পৰিৱেশৰ মাজেৰে বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উপ সভাপতি আব্দুল চুভানৰ জানাজা সম্পন্ন হয় ৷ সোমবাৰে দুপৰীয়া ডেৰ বজাত স্থানীয় ঈদগাহ ময়দানত প্ৰায় দুই সহস্ৰাধিক লোকৰ উপস্থিতিত জানাজা সম্পন্ন হোৱাৰ পিচত ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰা হয় ৷
জানিব পৰা মতে কালি সন্ধ্যা ধৰ্মপুৰ সমষ্টিৰ নতুন দেহৰৰ তমোৰা গাঁৱৰ প্ৰবীন বিজেপি নেতা তথা ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ সঞ্চালক আব্দুল চুভানৰ আকস্মিকভাৱে মৃত্যু হয় ৷ জানাজাৰ সময়ত বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ আব্বাছ খান , বিধায়ক ডাঃ নোমল মমিনকে ধৰি বহুকেইগৰাকী নেতা উপস্থিত থাকে ৷ চুভানৰ মৃত্যুত শাসকীয় দলটোৰ মজিয়াতো গভীৰ শোকৰ ছাঁ পৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিভিন্নজনে আব্দুল চুভানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে সুদীৰ্ঘকাল ধৰি বিজেপি দলৰ একান্ত সেৱক হিচাপে দলৰ প্ৰতি সেৱা আগবঢ়াই অহা প্ৰবীন বিজেপি নেতা আব্দুল চুভানে আৰ্থিক অনাটনৰ মাজেৰে জীৱন অতিবাহিত কৰিছিল বহুজনে মন্তব্য কৰিছে ৷
লগতে পঢ়ক: নলবাৰীত সত্যৰঞ্জন বৰাৰ বিতৰ্কিত মন্তব্য