নলবাৰী,২ ডিচেম্বৰ: এতিয়া আঘোনৰ বতৰ । শাওনৰ সেউজীয়া সপোনবোৰে সোণোৱালী ৰূপেৰে পথাৰ ভৰিছে(Assam paddy fields are full of crops) । সোণগুটিৰে ভৰি পৰিছে চহা অসমীয়াৰ খেতিপথাৰ । আঘোনৰ এই সোনোৱালী পথাৰে এতিয়া ৰিঙিয়াই মাতিছে চহা অসমীয়াক । সোণোৱালী শস্য চপোৱাত খেতি পথাৰত ব্যস্ত সকলো অসমীয়া । ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলো ব্যস্ত সোণগুটি চপোৱাত । বহি নাথাকিল ৰাজনীতিৰ ক্ষেত্ৰখনত ব্যস্ত হৈ থকা UPPL ৰ দলীয় কৰ্মীসকলো ।
নলবাৰী জিলাৰ ধমধমাৰ সমীপৰ গোৱালবিলত ধাননি পথাৰত হাতে হাতে হাতে কাঁচি লৈ নামিল UPPLৰ দলৰ নেতা কৰ্মী সকল(UPPL workers busy in paddy fields) ৷ ৰাজনীতিৰ পথাৰ এৰি ধাননি পথাৰত নামি কৃষকক সকাহ দিবলৈ ওলাই আহিল UPPLৰ দলৰ কেন্দ্ৰীয় তথা জিলা পৰ্যায়ৰ বিষয় ববীয়াসকল । এই সুন্দৰ কাৰ্যসূচীত উপস্থিত থাকে UPPL দলৰ কেন্দ্ৰীয় উপ-সভাপতি সাধন বৈশ্য তথা বাক্সা জিলাৰ সভাপতি সম্পাদক আদিকে ধৰি ভালে সংখ্যক দলীয় নেতা-কৰ্মী ৷
সোণগুটি চপোৱাৰ সমান্তৰালভাৱে চলিল পৰম্পৰাগত খাদ্যৰ জুটি । এফালে প্ৰাপ্তিৰ হাঁহিৰে সোণগুটি চপোৱাৰ সমান্তৰালকৈ স্থানীয় কৃষকৰ সৈতে পথাৰৰ আলীতে বহি হাঁহ-কোমোৰাৰ জুটি ললে UPPL দলৰ কেন্দ্ৰীয় তথা জিলা পৰ্যায়ৰ বিষয় ববীয়াসকলে । লগতে ৰবাব টেঙাকে আদি কৰি বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ সমান্তৰালকৈ তীব্ৰ গতিত চলিল ধান কটা পৰ্ব ।
লগতে পঢ়ক: Brick Kiln Accident update: কালাইনত ইটা ভাটাত দুৰ্ঘটনা, মৃতকৰ সংখ্যা 5 জনলৈ বৃদ্ধি