ETV Bharat / state

মুকালমুৱাত পিস্তলসহ আটক দুই যুৱক

author img

By

Published : Sep 12, 2020, 3:35 PM IST

Updated : Sep 12, 2020, 5:09 PM IST

পিস্তলসহ মুকালমুৱা আৰক্ষীৰ জালত দুজন যুৱক ৷ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় আৰক্ষীয়ে আটক কৰিছে দুয়োজনক ৷

two person arrested
two person arrested

নলবাৰী,12 ছেপ্টেম্বৰ : মুকালমুৱাত পিস্তলসহ দুজনক আটক কৰিবলৈ সক্ষম হৈছে মুকালমুৱা আৰক্ষীৰ । মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতা আৰু উপ পৰিদৰ্শক মকছেদ আলীৰ নেতৃত্বত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় আটক কৰে দুয়োজনক। আটকাধীন যুৱক দুজন সুভাৱ দাস আৰু মাধৱ নাথ ।

মুকালমুৱাত পিস্তলসহ আটক দুই যুৱক

ধৃত যুৱক দুজন বিভিন্ন অপৰাধজনিত কামত জড়িত থকা বুলি জনায় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাই । বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আহি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে দুয়োজনক । দুয়োজনে ভূমি বেচা-কিনা সম্পৰ্কীয় বিভিন্ন কামত জড়িত থকা বুলি জানিব পৰা গৈছে । সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে মুকালমুৱা আৰক্ষীয়ে ।

লগতে পঢ়ক : কৰিমগঞ্জত ৯০ লাখ টকাৰ নিচাযুক্ত টেবলেট সহ দুই সৰবৰাহকাৰী আটক

Last Updated : Sep 12, 2020, 5:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.