ETV Bharat / state

ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰি আৰক্ষীৰ জালত দুই দালাল

সাৱধান... চাকৰি দিয়াৰ নামত অসমত একাংশ দালালে পেলাইছে জাল । ধনৰ বিনিময়ত চাকৰি প্ৰত্যাশীক দিছে ভুৱা নিযুক্তি পত্ৰ । চাকৰিৰ ভুৱা বজাৰৰ মূল মাফিয়াক আটক নলবাৰী আৰক্ষীৰ ।

author img

By

Published : Aug 22, 2021, 12:03 PM IST

two-fraud-arrested-at-nalbari
ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰি আৰক্ষীৰ জালত দুই দালাল

নলবাৰী, 22 আগষ্ট : নলবাৰী আৰক্ষীয়ে শনিবাৰে চাকৰিৰ দালালৰ এটা বৃহৎ চক্ৰ উৎখাত কৰে । ধনৰ বিনিময়ত চাকৰিৰ ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰিছিল এই চক্ৰটোৱে ৷ সম্প্ৰতি নলবাৰী আৰক্ষী জিম্মাত দুই দালাল । দুই দালালৰ পৰা আৰক্ষীয়ে ৰে’ল বিভাগ, স্বাস্থ্য বিভাগ আৰু জলসম্পদ বিভাগৰ প্ৰশ্ন কাকত, ভুৱা নিযুক্তি পত্ৰ, উত্তৰ বহী আৰু ভুৱা ছীল-মোহৰ উদ্ধাৰ কৰে ৷

উল্লেখ্য যে, নলবাৰীকে ধৰি নামনি অসমৰ বিভিন্ন ঠাইৰ নিবনুৱা যুৱকসকলৰ পৰা চাকৰি দিয়াৰ প্ৰলোভনেৰে প্ৰায় ৫-৬ লাখ টকাকৈ সংগ্ৰহ কৰি আহিছিল এই চক্ৰটোৱে ৷ আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত চক্ৰটোৰ দুই সদস্যক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে আটক কৰা দালাল দুটা ক্ৰমে, গুৱাহাটীৰ ধাৰাপুৰ চাৰিআলিৰ দীপক কুমাৰ নাথ আৰু হাজোৰ সমৰজ্যোতি দাস ৷ সম্প্ৰতি দালাল দুটাক আটক কৰি নলবাৰী সদৰ থানাত জেৰা চলাই আছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : ধুবুৰীত আৰক্ষীৰ জালত দুই তালিবানী সমৰ্থক

আটকাধীন দালাল দুটাই ইতিমধ্যে জেৰাত স্বীকাৰ কৰিছে ভুৱা নিযুক্তি প্ৰদানৰ কথা ৷ নলবাৰীৰ এগৰাকী যুৱকৰ পৰা টকা লৈ চাকৰিৰ ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰাৰ পিছতে পোহৰলৈ আহে এই কু-কাণ্ড । ইয়াৰ পিছতে নলবাৰী সদৰ আৰক্ষীয়ে অভিযান চলাই ভুৱা চাকৰিৰ বজাৰৰ মাষ্টাৰ মাইণ্ডসহ এজনক আটক কৰে ৷ আৰক্ষীয়ে ঘটনাটোৰ অভিযুক্ত দীপক কুমাৰ নাথৰ বাসগৃহৰ পৰা এখন বিলাসী স্ক’ৰপিঅ’ বাহন জব্দ কৰিছে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৭০ জনতকৈ অধিক লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল এই চক্ৰটোৱে ৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, অভিযুক্তৰ তালিকাখন যথেষ্ট দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে ৷ আৰক্ষীয়ে গোচৰ নম্বৰ ৫০/২১ ৰ ভিত্তিত ইতিমধ্যে তদন্ত ক্ষীপ্ৰতৰ কৰি তুলিছে ৷ বৰ্তমান আৰক্ষীয়ে নলবাৰী সদৰ থানাত দুই অভিযুক্তৰ মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ সমগ্ৰ কাণ্ডটোৰ মূল অভিযুক্ত দীপক কুমাৰ নাথে বৃহৎ পৰিমাণৰ কমিছনৰ বিনিময়ত চাকৰি প্ৰত্যাশীসকলৰ পৰা ধন সংগ্ৰহ কৰাৰ বাবে সমগ্ৰ অসমত দালাল নিয়োগ কৰাৰ কথা আৰক্ষীৰ জেৰাত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : তালিবানৰ সমৰ্থনত ফেচবুকত লিখা-মেলা কৰি ৰঙা ঘৰৰ আলহী হ’ল সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.