নলবাৰী, 22 জুন : মুকালমুৱাৰ মুগদিত সংঘটিত হৈছে এক কৰুণ ঘটনাৰ । নাৱৰ ওপৰত বহি মোবাইলত পাব-জি(PUB-G) খেলি থকা অৱস্থাত নাৱৰ পৰা পৰি সলিল সমাধি ঘটিল দুজন যুৱকৰ । উল্লেখ্য যে, যুৱক দুজন মুকালমুৱাৰ শিক্ষক মুচাদ্দিক আহমেদৰ পুত্ৰ মুজাক্কিৰ আহমেদ (18) আৰু মুগদি গাঁৱৰ মণ্ডল কলিমুদ্দিন আহমেদৰ পুত্ৰ ৰেকিব উদ্দিন আহমেদ (17) বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, এখন নাৱৰ ওপৰত বহি দুয়ো যুৱকে মোবাইল গেম(mobile game) খেলি থকা অৱস্থাতে হঠাৎ ডুবি গৈছিল নাওখন । ততাতৈয়াকৈ স্থানীয় ৰাইজে দ-খাৱৈটোত নামি উদ্ধাৰ কৰে দুই যুৱকক । উদ্ধাৰৰ পাছতে ৰাইজে দুয়ো যুৱকক ততাতৈয়াকৈ মুকালমুৱা চিকিৎসালয়খনত ভৰ্তি কৰোৱাই যদিও চিকিৎসকে ইতিমধ্যে দুয়োজন যুৱকৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷
উল্লেখ্য যে, এই দুই দুৰ্ভগীয়া যুৱক উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ একাদশ শ্ৰেনীৰ ছাত্ৰ আছিল ৷ গাঁৱৰ ৰাইজে জানিব দিয়া মতে পঢ়া-শুনাৰ দিশৰ পৰাও যথেষ্ট মেধাবী আছিল দুয়োগৰাকী যুৱক । ইফালে, পাব-জি খেলত মগ্ন হৈ থকা অৱস্থাত যুৱক দুজনে নিজৰ প্ৰাণ হেৰুৱাব লগীয়া হোৱাৰ কথাই যথেষ্ট তাৎপৰ্য বহন কৰাৰ লগতে সমগ্ৰ অঞ্চলজুৰি শোঁকৰ ছা পৰিছে ৷
লগতে পঢ়ক: গাঞ্জা বেপাৰীৰ ৰূপত মন্দিৰৰ পূজাৰী !