ETV Bharat / state

পুলৱামা কাণ্ডৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Feb 15, 2021, 7:06 AM IST

Updated : Feb 15, 2021, 11:58 AM IST

পাকিস্তানৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে সংঘটিত কৰা পুলৱামা কাণ্ডই দেওবাৰে অতিক্ৰম কৰিলে দুটা বছৰ । ইছলামিক সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সমগ্ৰ দেশবাসীয়ে ৷

নলবাৰীত পুলৱামা কাণ্ডত শ্বহীদ হোৱা বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি

নলবাৰী, 15 ফেব্ৰুৱাৰী: 2019 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনটোত জম্মু-শ্ৰীনগৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ পুলৱামাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান কঢ়িয়াই নিয়া বাহনৰ ওপৰত চলিছিল সন্ত্ৰাসবাদীৰ এক আত্মঘাতী আক্ৰমণ ৷ য'ত শ্বহীদ হৈছিল 40 জনকৈ ভাৰতীয় জোৱান ৷ পাকিস্তানৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে সংঘটিত কৰা পুলৱামা কাণ্ডই দেওবাৰে অতিক্ৰম কৰিলে দুটা বছৰ । সমগ্ৰ দেশজুৰি সেই ভয়াৱহ আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱানসকলক সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নলবাৰীতো আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ এই দিনটোৰ লগত সংগতি ৰাখি দেশমাতৃৰ সু-পুত্ৰ জোৱানসকলৰ ত্যাগক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে চহৰখনৰ মাজমজিয়াত থকা আম্বেদকাৰ চ'কৰ ঘূৰণীয়া পাৰ্কত ইউনাইটেড ট্ৰাষ্ট অসম নামৰ সংগঠনটোৰ দ্বাৰা বন্তি প্ৰজ্বলনৰ কাৰ্যসুচী ৰূপায়ণ কৰা হয় । ইয়াৰ লগতে ৰাম জন্মভূমিৰ নিধি সংগ্ৰহ অভিযানত দিল্লীত সক্ৰিয় অংশগ্ৰহণ কৰি হত্যাৰ বলি হোৱা দিল্লীৰ যুৱক ৰিংকু শৰ্মাৰ হত্যাকাণ্ডৰ ন্যায় আৰু আত্মাৰ সদগতিৰ বাবেও প্ৰাৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক: মৰিয়নিৰ চেলেং চাহ বাগিছাত বনজুই

Last Updated : Feb 15, 2021, 11:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.