ETV Bharat / state

টাইটানিকেৰে ভোগালীক আদৰিবলৈ সাজু নলবাৰী বালিবাসী - টাইটানিকৰ আৰ্হিত সাজি উলিয়াইছে ভেলাঘৰ

চৌদিশে নাগৰিকত্ব আইনক লৈ পৰিৱেশ উত্তাল হৈ থকাৰ মাজতে হেপাঁহৰ ভোগালীত লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে অসমীয়া ৷ ইয়াৰ মাজতে নলবাৰীত বালিবাসীয়ে টাইটানিকৰ আৰ্হিত সাজি উলিয়াইছে ভেলাঘৰ ৷

Titanic
টাইটানিক
author img

By

Published : Jan 11, 2020, 1:13 PM IST

নলবাৰী, 11 জানুৱাৰীঃ আকৌ আহি পালেহি অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহু ৷ ভোগালীক আদৰিবলৈ চৌদিশে উঠি পৰি লাগিছে ৰাজ্যবাসী ৷ চমকপ্ৰদ ভেলাঘৰৰে সকলো সাজু হৈছে ভোগালীক আদৰিবলৈ ৷ নলবাৰী জিলাৰ বালিগাঁৱবাসীয়ে ভোগালীক আদৰিবলৈ সাজি উলিয়াইছে টাইটানিক সদৃশ ভেলাঘৰ ৷

নলবাৰী
টাইটানিকৰ আৰ্হিত ভেলাঘৰ
নলবাৰীত টাইটানিকৰ আৰ্হিত ভেলাঘৰ

টাইটানিক জাহাজৰ আৰ্হিত প্ৰস্তুত কৰা এই ভেলাঘৰটো প্ৰায় দুশতকৈও অধিক বাঁহেৰে প্ৰস্তুত কৰা হৈছে ৷ গাঁৱখনৰ ডেকা বুঢ়া সকলোৱে একত্ৰিত হৈ 20 দিনত এই ভেলাঘৰটো সাজি উলিয়াইছে ৷ নৰা আৰু কাহিবন আদিৰে সাজি উলিওৱা এই ভেলাঘৰটোত প্ৰথম মহলাত 100তকৈ অধিক মানুহে বহি ভোজ ভাত খাব পৰা সুবিধা থকাৰ লগতে তলৰ মহলত বিভিন্ন ধৰণৰ সুবিধা ৰখা হৈছে ৷ আনহাতে নিশা বৈদ্যুতিক কাৰুকাৰ্যৰে অধিক আকৰ্ষণীয় হৈ উঠে ভেলাঘৰটো ৷ উল্লেখ্য যে, 2019 বৰ্ষত বগীবিল দলঙৰ আৰ্হিত ভেলাঘৰ প্ৰস্তুত কৰাৰ পিচত চমকপ্ৰদ টাইটানিক ভেলাঘৰ সাজি উলিয়াইছে এই লোকসকলে ৷

লগতে পঢ়ক - সমগ্ৰ দেশতে বলৱৎ হ’ল ‘‘CAA’’

Intro:টাইটানিক ভেলাঘৰৰে ভোগালীক আদৰিবলৈ সাজু নলবাৰীৰ বালী গাওঁবাসী ।।

Body:আকৌ আহি পালেহি অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহু।ভোগালীক আদৰিবলৈ চৌদিশে উঠি পৰি লাগিছে ডেকাসকলে।এইয়া বালি গাওঁৰ দৃশ্য।চমকপ্ৰদ ভেলাঘৰৰে সাজু হৈ উঠিছে ভোগালীক আদৰিবলৈ।টাইটানিক জাহাজৰ আৰ্হি ত প্ৰস্তুত কৰা এই ভেলাঘৰটোত দুইশতকৈ অধিক বাহ খৰছ কৰি ভেলাঘৰটো সাজি উলিয়াইছে।গাওখনৰ ডেকা বুঢ়া সকলোৱে মিলি ১৫ দিনত সাজি উলিয়াইছে। নৰা কাহিবন আদিৰে সাজি উলিওৱা ভেলাঘৰটোত প্ৰথম মহলাত ১০০ তকৈ অধিক মানুহে বহি ভোজ ভাত খোৱাৰ বিপৰতে তলত বিভিন্ন ধৰণৰ সুবিধা ৰখা হৈছে।আনহাতে এয়া নিশাৰ দৃশ্য ।বৈদ্যুতিক কাৰু কাৰ্যৰে অধিক আকৰ্ষণীয় কৰি তুলিছে ভেলাঘৰটোত।উল্লেখযোগ্য যে ২০১৯ বৰ্ষত বগীবিল দলঙৰ আৰ্হিত ভেলাঘৰ প্ৰস্তুত কৰাৰ পিছত চমকপ্ৰদ টাইটানিক ভেলাঘৰ সাজি উলিয়াইছে।আৰু উৰুকাৰ নিশা ভোজভাত খাই আদৰিবলৈ সাজু হৈছে বালীগাও বাসী ৰাইজ ।।Conclusion:চৌদিশে নাগৰিকত্ব আইনক লৈ উতাল হৈ থকাৰ মাজতে হেপাঁহৰ ভোগালীত লগে ভাগে এসাঁজ খাৱলৈ সাজু হৈছে অসমীয়া।

বাইট ৰিংকুমণি দাস

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.