নলবাৰী, ৪ জুন : বৃহস্পতিবাৰে নলবাৰীত পুনৰ তিনি জনৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে । আক্ৰান্ত লোক কেইজন ধমধমা,মাখিবাহা আৰু দুই নং পকোৱাৰ বুলি জানিব পৰা গৈছে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিছে এই তথ্য । আক্ৰান্ত আটাইকেইজন লোক ৩০ মে'ত ৰে'লযোগে বহিঃৰাজ্যৰ পৰা অসমলৈ আহিছিল । তিনিওজনকে জিলা প্ৰশাসনে ইতিমধ্যে নলবাৰী চিভিল হাস্পতালত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে । উল্লেখযোগ্য যে, আটাইকেইজনেই বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত আছিল । বৰ্তমানলৈ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা ১৯৮৮ গৰাকীলৈ বৃদ্ধি পায় ।
![Three more new corona patient in nalbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08:30_as-nlb-04-4jun-carana-update-photo-as10004_04062020203005_0406f_1591282805_216.jpg)