ETV Bharat / state

Gunotsav 2023 in Nalbari: নলবাৰীত তৃতীয় পৰ্যায়ৰ গুণোৎসৱত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা - Gunotsav at Mugkusi Primary School in Nalbari

আজি তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ তৃতীয় দিন (Gunotsav 2023)। নলবাৰী জিলাৰ আন বিদ্য়ালয়ৰ লগতে ৪০৮ নং মুগকুছি প্ৰাথমিক বিদ্যালয়তো গুণোৎসৱ উপলক্ষ্যে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা যায় ।

Gunotsav 2023 in Nalbari
তৃতীয় পৰ্যায়ৰ গুণোৎসৱ নলবাৰীত
author img

By

Published : Feb 18, 2023, 2:19 PM IST

তৃতীয় পৰ্যায়ৰ গুণোৎসৱ নলবাৰীত

নলবাৰী, ১৮ ফেব্ৰুৱাৰী: ৰাজ্যত আৰম্ভ হৈছে শিক্ষা বিভাগৰ ২০২৩ বৰ্ষৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav 2023 in Assam) ৷ ৰাজ্যখনৰ অন্যান্য জিলাৰ সমান্তৰালভাৱে নলবাৰী জিলাৰ বিভিন্ন বিদ্যালয়সমূহতো আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav 2023 in Nalbari)। বৃহস্পতিবাৰৰে পৰা আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে জিলাখনৰ বিদ্যালয়সমূহত পৰিলক্ষিত হৈছে এক উখল-মাখল পৰিৱেশ ৷

শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যত বিগত তিনি বছৰ পৰা ৰাজ্য চৰকাৰে ৰূপায়ন কৰি আহিছে গুণোৎসৱ । আজি অৰ্থাৎ শণিবাৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ তৃতীয় দিন । এই তৃতীয় দিনটোত নলবাৰী জিলাৰ ৪০৮ নং মুগকুছি প্ৰাথমিক বিদ্যালয়ত এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক (Gunotsav at Mugkusi Primary School in Nalbari)। সম্পূৰ্ণ অসমীয়া সাজত বিদ্যালয়ৰ গুণোৎসৱৰ এই দিনটোত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে কিছু সময় অতিবাহিত কৰে ।

২০৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে ৭ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী থকা মুগকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাতঃসভাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অংশগ্ৰহণ কৰে । মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগতে নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত ডেকাও এই প্ৰাতঃসভাত অংশগ্ৰহণ কৰে ৷ ইপিনে, মন্ত্ৰী গৰাকীয়ে শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে কিছু সময় অতিবাহিত কৰি তেওঁলোকৰ জ্ঞানৰ পৰীক্ষা কৰে । ২০১৭ ,২০১৮ আৰু ২০২২ চনৰ গুণোৎসৱত A + গ্ৰেড লাভ কৰি এই বিদ্যালয়খন এখন আদৰ্শ বিদ্যালয় হিচাপে পৰিচিত হৈছে । বিদ্যালয়খনৰ আন্ত:গাঁথনিকে আদি কৰি খেলা-ধূলাৰ সুব্যৱস্থা , বিজুলীৰ ব্যৱস্থা ,পুথিভঁৰালৰ ব্যৱস্থা ,বিনামূলীয়াকৈ ইউনিফৰ্মৰ লগতে নামভৰ্তিৰ ব্যৱস্থা আছে । লগতে সংখ্যালঘু ছাত্র-ছাত্ৰীৰ জলপনীৰ ব্যৱস্থাও উপলব্ধ আছে বিদ্যালয়খনত ।

উল্লেখ্য যে বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ফলাফলৰ মূল্যাংকন কৰাৰ লগতে শিক্ষাৰ মান উন্নয়নৰ কাৰ্যকৰী কৌশল নিৰ্দ্ধাৰণ কৰাৰ লগতে বিদ্যালয়ৰ পৰিৱেশৰ উন্নতি সাধন কৰাই হৈছে এই গুণোৎসৱৰ প্ৰধান লক্ষ্য (Third phase of Gunotsav)। এই গুণোৎসৱত বিদ্যালয় মূল্যায়নৰ চাৰিটা দিশ হৈছে দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পাৰদৰ্শিতা, সহঃ বিদ্যায়তনিক কাৰ্য, বিদ্যালয়ৰ আন্তঃগাঁথনি তথা অন্যান্য সা- সুবিধাৰ অৱস্থিতি আৰু সমাজৰ অংশগ্ৰহণ ৷ বিগত সময়ত এনে গুণোৎসৱৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন ক্ষেত্ৰত উন্নতি হোৱা বুলি চৰকাৰে দাবী কৰিছে ।

লগতে পঢ়ক:Protest in Amguri: আমগুৰিত অৰুণোদয় আঁচনিৰ বঞ্চিত হিতাধিকাৰীৰ দ্বিতীয় দিনাও অব্যাহত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.